-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

চৰকাৰী চাকৰি সংৰক্ষণৰ ব্যৱস্থা: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য


চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য। উচ্চতম ন্যায়ালয়ে কয় যে, চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবী কৰা মৌলিক অধিকাৰ নহয়। গতিকে কোনো ন্যায়ালয়ে ৰাজ্য চৰকাৰক ST আৰু SCৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ নিৰ্দেশনা জাৰি কৰিব নোৱাৰিব।


উল্লেখযোগ্য যে, দুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ ভিত্তিত চৰকাৰী চাকৰিত সংৰক্ষণকলৈ বিশেষ মন্তব্য কৰিছিল। উচ্চতম ন্যায়ালয়ৰ মতে, চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবী কৰা মৌলিক অধিকাৰ নহয়।
কোনো আদালতে ৰাজ্য চৰকাৰক ST আৰু ST বৰ্গৰ লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰিব পাৰে। সংৰক্ষণ প্ৰদানৰ অধিকাৰ আৰু দায়িত্ব ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়। কিন্তু উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতে বহু ৰাজনৈতিক দলে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।


কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংৰক্ষণক লৈ মোদী চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক সমালোচনা কৰে। ৰাহুল গান্ধীয়ে কয় যে, ‘সংৰক্ষণ নাইকীয়া কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু বিজেপি আৰু আৰ এছ এছে যিমানেই চেষ্টা নকৰক কিয় আমি কেতিয়াও এনে হ’বলৈ নিদিও। সংবিধানৰ আঘাত হোৱা কাম আমি কৰিব নোৱাৰো।’

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel