Telegram Channel:Join Now
Whatsapp Update:Join Now

গুৱাহাটীৰ ফিল্মফেয়াৰলৈ নাহে অমিতাভ বচ্চন, ছলমান খান, শ্বাহৰুখ খান অহাক লৈও অনিশ্চয়তা



অসম চৰকাৰে প্ৰৱল উৎসাহেৰে ৰাজ্যৰ পৰ্যটনৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে গুৱাহাটীত ফিল্মফেয়াৰ পাতিবলৈ লৈছে। বিতৰ্কৰ মাজতে ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰি বলীউদৰ মেগা এৱাৰ্ড শ্ব’ আয়োজন কৰি ৰাজ্য চৰকাৰে দাবী কৰিছিল বলীউডৰ মেগাষ্টাৰে অসমক লৈ যাব বিশ্ব দৰবাৰলৈ। পিছে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অভিলাসী বিনিয়োগ মূৰকত হতাশাতহে পৰিণত হৈছে। গুৱাহাটীৰ ফিল্মফেয়াৰত অসমৰ কথা ক’বলৈ নাহে মহানায়ক অমিতাভ বচ্চন। নাহে ছলমান খান। আনহাতে শ্বাহৰুখ খান অহাক লৈও সৃষ্টি হৈছে অনিশ্চয়তাৰ। বিগ বি আৰু তিনি খানৰ বাহিৰেও ছুপাৰষ্টাৰ হৃত্বিক ৰৌশন, অজয় দেৱগণ অহাকলৈও নাই কোনো নিশ্চিতি।


পৰ্যটনৰ প্ৰচাৰৰ কাৰণে ৩০ কোটি টকাৰ বিনিয়োগ কৰাৰ পিছতো বলীউডৰ A লিষ্টৰ মহাতাৰকা এজনো গুৱাহাটীৰ ফিল্মফেয়াৰত নহাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সেইদৰে অভিনেত্ৰীসকলৰ ভিতৰতো কাজল, কেটৰীণা কেঈফ, প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকন, কংগনা ৰাণাৱটেও অহাকলৈ দিয়া নাই নিশ্চিতি।
Previous Post Next Post