অচল হৈ পৰিব পাৰে ১৭ কোটি লোকৰ পেন কাৰ্ড, আয়কৰ বিভাগৰ অন্তিম সকিয়নী


দেশৰ ১৭ কোটি লোকৰ পেন কাৰ্ড অচল হৈ পৰিব পাৰে! অহা ৪৫ দিনৰ পিছত অচল হৈ পৰিব পাৰে পেন কাৰ্ড। আয়কৰ বিভাগৰ অন্তিম সকিয়নী।

কেন্দ্ৰীয় চৰকাৰে পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা বাধ্যতামূলক কৰিছে। দেশত প্ৰায় ৩০.৭৫ কোটি পেন কাৰ্ড থকা লোক আছে। কিন্তু ২০২০ চনৰ ২৭ জানুৱাৰী পৰ্যন্ত ১৭.৫৮ কোটি লোকে পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই। গতিকে এতিয়া ৩১ মাৰ্চ অন্তিম সময়সীমা বান্ধি দিছে আয়কৰ বিভাগে। আৰু যদিহে ৩১ মাৰ্চৰ ভিতৰত পেন কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নহয় তেন্তে পেন কাৰ্ডৰ সৈতে জড়িত কোনো ধৰণৰ কাম কৰিব নোৱাৰাৰ লগতে অচল হৈ পৰিব পেন কাৰ্ড।

ঋণ আৰু ক্ৰেডিট কাৰ্ড লোৱাৰ বাবে পেন কাৰ্ডৰ অবৈধ ব্যৱহাৰ হৈ থকা বুলি পোৱা প্ৰতিবেদনৰ ফলতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বেংক একাউণ্ট, কৰ পৰিশোধ আদিৰ লগতে পৰিচয় পত্ৰ হিচাপেও পেন কাৰ্ডৰ ব্যৱহাৰ হৈ আহিছে।
Previous Post Next Post