Telegram Channel:Join Now
Whatsapp Update:Join Now

প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ ৰিক্সাচালকৰ কন্যাৰ বিয়ালৈ: কি উত্তৰ দিলে মোদীয়ে?


ঘটনাটো এতিয়া সপোন সপোন লাগি আছে ৰিক্সাচালক মঙ্গলৰ। বিশ্বাসেই কৰিব পৰা নাই যে সঁচাকৈ যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা চিঠিৰ উত্তৰ আহিছে। পৰিয়ালৰ সকলোৱে মিলি পঢ়িছে মোদীৰ চিঠি। সেইদৰেই আনন্দ–আশ্বৰ্যৰ মাজতে অতিথিকো আপ্যায়ন কৰিলে মঙ্গলে। ঘটনাটো বাৰাণসীৰ।


সংবাদ মাধ্যমক মঙ্গলে জনোৱা অনুসৰি, কন্যাৰ বিয়া ঠিক হোৱাৰ পিছতে বন্ধুগণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিয়ালৈ আমন্ত্ৰণ জনাবলৈ কৈছিল। সেই অনুসৰি দিল্লীৰ ঠিকনা আৰু বাৰাণসীৰ কাৰ্যালয়লৈ বিয়াৰ নিমন্ত্ৰণী পত্ৰ পঠিয়াইছিল মঙ্গলে। কিন্তু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা যে উত্তৰ আহিব মঙ্গলে ভৱাই নাছিল। কিন্তু নভৱা কথাটোৱে হ’লগৈ।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা উত্তৰ অহাত অত্যন্ত আনন্দিত হয় মঙ্গল। চিঠিত প্ৰধানমন্ত্ৰীয়ে ৰিক্সাচালক মঙ্গলৰ কন্যাৰ বৈবাহিক জীৱনৰ বাবে শুভকামনা জনায়।
Previous Post Next Post