এটা ভাল খবৰ ! কোৰোনাৰ সৈতে যুঁজ দি বিজয় লাভ কৰিলে ১০১ বছৰীয়া ককাই..
March 27, 2020
Add Comment
কোৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে ইটালীত। দেশখনত প্ৰতিদিনেই প্ৰায় শতাধিক লোকৰ মৃত্যু। বৰ্তমান লৈকে ৮০,৫৮৯ গৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ৮,২১৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ইটালীত। প্ৰতিটো ঘন্টাতেই কেৱল মাত্ৰ মৃ্ত্যুৰ খবৰ অহা ইটালীৰ পৰা শেহতীয়াকৈ আহিছে এটা ভাল খবৰ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কিছুদিনৰ পূৰ্বে প্ৰচাৰ হৈছিল যে, মৃত্যু উপত্যকালৈ পৰিণত হোৱা ইটালীত কোৰোনাত আক্ৰান্ত বয়োজ্যেষ্ঠ লোকসকলৰ মৃত্যুৰ সংখ্যা অধিক। কিছু কিছু বয়োজ্যেষ্ঠ লোকক চিকিৎসা নকৰি ঘৰতে জিৰণি লবলৈও দিয়া হৈছে বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। এনে খবৰবোৰৰ মাজতে ইটালীৰ পৰা অহা ভাল খবৰটো হ’ল, দেশখনত কোৰোনাত আক্ৰান্ত এগৰাকী ১০১ বছৰীয়া ব্যক্তি আৰোগ্য হৈছে।
ব্যক্তিগৰাকীৰ দেহত কোৰোনা ধৰা পৰাৰ পিছতে কেই সপ্তাহ ধৰি চিকিৎসাৰ অন্তত তেওঁক আৰোগ্য তুলিছে চিকিৎসকে। আচৰিত কথাটো হ’ল যে, ১৯১৮ চনত মহামাৰী ’ফ্লু’টো আক্ৰান্ত হৈছিল এই ১০১ বছৰীয়া ব্যক্তিগৰাকী। উল্লেখ্য যে, ইটালীত কোৰোনাত আক্ৰান্ত প্ৰায় ১০,৩৬১ গৰাকী ৰোগীক আৰোগ্য কৰি তোলা হৈছে।
0 Response to "এটা ভাল খবৰ ! কোৰোনাৰ সৈতে যুঁজ দি বিজয় লাভ কৰিলে ১০১ বছৰীয়া ককাই.."
Post a Comment