-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

কোৰোনা ভাইৰাছৰ বাবে বাতিল হ’ব নেকি আই পি এল - ২০২০…


সমগ্ৰ বিশ্বই প্ৰভাৱান্বিত হৈছে কোৰোনা ভাইৰাছত। এই ভাইৰাছৰ প্ৰভাৱ ভাৰততো পৰিছে। প্ৰতিবছৰে ভাৰতত অনুষ্ঠিত হোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলো বাতিল হ’ব পাৰে কোৰোনা ভাইৰাছৰ ফলত। অহা ২৯ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব লগা আই পি এল-২০২০ বাতিল হ’ব পাৰে বুলিও চৰ্চা হোৱা দেখা গৈছে।


উল্লেখ্য যে, আইপিএল-২০২০ স্থগিত ৰখাৰ বাবে মাদ্ৰাছ হাই ক’ৰ্টত দাখিল কৰা হৈছে এক আৱেদন। অধিবক্তা জি এলেক্স বেনজীগৰে দাখিল কৰিছে এই আৱেদন। আৰু অহা ১২ মাৰ্চত এই আৱেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ এম এম সুধীন্দ্ৰ আৰু কৃষ্ণণ ৰামাস্বামীয়ে।

আৱেদন দাখিল কৰা অধিবক্তাগৰাকীয়ে এই সন্দৰ্ভত কয় যে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে নিজৰ ৱেবছাইটত সদৰী কৰা অনুসৰি বৰ্তমানলৈ কোৰোনা ভাইৰাছৰ কোনো প্ৰতিষেধক উদ্ভাৱন কৰা হোৱা নাই। আৰু সমগ্ৰ দেশতেই এই ভাইৰাছৰ অতি তীব্ৰ গতিত বিয়পিছে।


তেওঁ লগতে জনাই যে, বিচিচিআইৰ কৰ্তৃপক্ষক তেওঁ এক প্ৰেজেন্টেশ্যন প্ৰেৰণ কৰিছিল য’ত আইপিএল-২০২০ স্থগিত ৰখাৰ বাবে কোৱা হৈছিল। কিন্তু এই সন্দৰ্ভত কোনো উত্তৰ দিয়া হোৱা নাই বিচিচিআইৰ তৰফৰ পৰা। ইফালে, বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে সাংবাদিকৰ আগত সদৰী কৰা অনুসৰি, আইপিএল স্থগিত ৰখাৰ বাবে কোনো সিদ্ধান্ত লোৱা হোৱা নাই। টুৰ্ণামেন্টৰ সময়চোৱাত কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা পৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জনায়।

গাংগুলীয়ে কয়- ‘আমি সকলো ধৰণে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিম। মই অৱশ্যে কি কৰিব লাগিব সেই সন্দৰ্ভত বেছি নাজানো। এই দিশটো চোৱাচিতা কৰিব আমাৰ মেডিকেল টীমে। তেওঁলোকে যি কৰিবলৈ ক’ব আমি সেয়া কৰিম।’

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel