-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

কিয় হঠাৎ ছ’চিয়েল মিডিয়া ত্যাগ কৰিব লগা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক ঘোষণাই সোমবাৰে নিশা কিছু সময়ৰ বাবে চিন্তিত কৰিলে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক। কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে হঠাৎ ঘোষণা কৰিলে দেওবাৰে তেওঁ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউব একাউন্ট বন্ধ কৰিব। অৱশ্যে তেওঁ কিয় এই সিদ্ধান্ত লৈছে সেই কথা ঘোষণা কৰা নাই।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মেডী হৈছে ছ’চিয়েল মিডিয়াত সৰ্বাধিক ফ’ল’ৱাৰ থকা লোকসকলৰ ভিতৰত এজন। প্ৰধানমন্ত্ৰীগৰাকীৰ টুইটাৰত ৫৩.৩ মিলিয়ন, ফেচবুকত ৪৪ মিলিয়ন, ইনষ্টাগ্ৰামত ৩৫.২ মিলিয়ন আৰু ইউটিউবত ৪.৫ মিলিয়ন সাবস্ক্ৰাইবাৰ আছে। সংবাদমেল সম্বোধন নকৰা প্ৰধানমন্ত্ৰী হিচাপে বিভিন্ন সময়ত সমালোচিত হোৱা মোডীয়ে বহু সময়ত সামাজিক মাধ্যমৰ মাজেৰে বিভিন্ন গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখা যায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০০৯ চনত টুইটাৰ আৰু ফেচবুকত প্ৰথম ভুমুকি মাৰিছিল। তেতিয়াৰে পৰা সক্ৰিয়ভাৱে তেখেতে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছে। দিল্লীত সংঘটিত হোৱা প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনাকে ধৰি বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ দ্বাৰাই তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

ছ’চিয়েল মিডিয়া ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰ একাউন্টত লিখা বিশেষ টুইটটোত এক ঘণ্টাত ৩৪.৭ হাজাৰ লোকে লাইক, ১৮.৩ হাজাৰ লোকে ৰি-টুইট কৰিছে। অৱশ্যে প্ৰধানমন্ত্ৰী গৰাকীয়ে দেওবাৰে ছ’চিয়েল মিডিয়া ত্যাগ কৰিব বুলি জনাইছে যদিও কিমান দিনৰ বাবে এই সিদ্ধান্ত লৈছে নাইবা প্ৰতি দেওবাৰে তেওঁ ছ’চিয়েল মিডিয়া বন্ধ ৰাখিব নে কি সেই বিষয়ে সদৰি কৰা নাই।

একাংশ লোক তথা তেখেতৰ শুভাকাংক্ষীয়ে অনুমান কৰা অনুসৰি ছ’চিয়েল মিডিয়াত দিনক দিনে নেতিবাচক বিষয় বা ঘটনাৰ চৰ্চা বেছি হোৱাৰ বাবেই হয়তো প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত ল’ব পাৰে। অন্যথা হয়তো ছ’চিয়েল মিডিয়া ত্যাগ কৰি দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে অন্য কোনো মাধ্যমেৰেও প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগাযোগ ৰাখিব পাৰে বুলি মন্তব্য কৰিছে একাংশ লোকে।

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel