নিজামুদ্দিনৰ তবলিগীত অংশগ্ৰহণ কৰা ৩৭০ ৰো অধিক বিদেশীৰ ভিছা নিষিদ্ধ কৰিব ভাৰতে !


দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী কাণ্ডই দেশ জোকাৰি যোৱাৰ পিছত যথেষ্ট কঠোৰ হোৱা দেখা গৈছে ভাৰত চৰকাৰক।

উল্লেখ্যে নিজামুদ্দিন মাৰ্কাজ ইতিমধ্যে দেশৰ ক’ৰ’না সংক্ৰমণৰ অভিকেন্দ্ৰৰূপে চিহ্নিত হৈছে।


তবলিগীত অংশগ্ৰহণ কৰা বহু লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে কেবাজনো আক্ৰান্তৰ ইতিমধ্যে মৃত্যুও ঘটিছে।

আনহাতে দেশৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰাই ক’ৰ’না সংক্ৰমণ ঘটা বুলিও কোৱা হৈছে চৰকাৰীভাৱে।

উক্ত তবলিগীত বিদেশৰ পৰা অহা প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছিল।

উক্ত বিদেশীসকলৰ ভিছা পৰীক্ষা কৰাৰ পিছত ভাৰত চৰকাৰে তাৰে ৩৭০ জন ভিছা ভাৰত নিষিদ্ধ কৰাৰ কুৱচকাৱাজ কৰিছে বুলি বিশেষ সূত্ৰে প্ৰকাশ।

সূত্ৰটোৰ মতে উক্ত বিদেশীসকলৰ সামাজিক দূৰত্ব গাইডলাইন্স উলংঘা কৰাৰ অভিযোগতো অভিযুক্ত কৰা হৈছে।


সূত্ৰটোৱে কয় যে তবলিগীত অংশগ্ৰহণ কৰা বহু প্ৰতিনিধিয়ে পৰ্যটকৰ ভিছাৰে ভাৰতত প্ৰৱেশ কৰি উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

সূত্ৰটোৰ মতে ভাৰতত ‘মিছনাৰী ভিছা’ উলপব্ধ যদিও তেওঁলোকে পৰ্যটকৰ ভিছাৰে ভাৰতত প্ৰৱেশ কৰি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি ভিছা নীতি উলংঘা কৰাৰ দৰে অপৰাধ কৰিছে।

এই অপৰাধত ২৭০ জনৰো অধিক বিদেশীৰ ভিছা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ভাৰত চৰকাৰ গৃহমন্ত্ৰালয়ে।

উল্লেখ্য যে পৰ্যটক ভিছাৰে ভাৰতত প্ৰৱেশ কৰা যিকোনা বিদেশীয়ে ধৰ্মীয় কাৰ্যলপাত অংশগ্ৰহণ কৰাটো ভিছা নীতি উংলঘনৰ অপৰাধ হিচাপে গণ্য কৰা হয় ভাৰতত।

যদি তেওঁলোকৰ এই অপৰাধ প্ৰমাণ হয় তেনে ফৰেইনাৰছ এক্টৰ চেকচন ১৪ অধীনত তেওঁলোকৰ ভিছা নিষিদ্ধ কৰাটো নিশ্চিত।

অৱশ্যে ভাৰতত প্ৰৱেশ কৰি পৰ্যটকৰ ভিছাক মিছনাৰী ভিছালৈ পৰিৱৰ্তন কৰিলে তাক অপৰাধ বুলি গণ্য কৰা নহয়। গৃহ মন্ত্ৰালয়ে এই সমগ্ৰ দিশবোৰ পৰীক্ষা কৰি অতি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সূত্ৰটোৱে দাবী কৰিছে।
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download