{{ date }}
{{ time }}
DIGITAL CLOCK BY AssamGuru.com
Telegram Channel:Join Now
Whatsapp Update:Join Now

চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰৰ উপহাৰ! অসম চৰকাৰৰ বিত্ত বিভাগে DA বৃদ্ধি সন্দৰ্ভত শীঘ্ৰেই গ্ৰহণ কৰিব এই সিদ্ধান্ত

দুৰ্গাপূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে DA বৃদ্ধিৰ ঘোষণা কৰিছিল। চলিত বৰ্ষৰ ১ জুলাইৰ পৰা  এই DA বৃদ্ধি কাৰ্যকৰী হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেবিনেটে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি এই DA বৃদ্ধি কৰা হৈছিল। কৰ্মচাৰীসকলে নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে একেলগে চাৰি মাহৰ এৰিয়াৰ লাভ কৰিব।


কেন্দ্ৰৰ পিছত এতিয়া ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে DA বৃদ্ধি কৰিব। ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকলৈ এইটো দেৱালীৰ উপহাৰ হ’ব।


অসম চৰকাৰে DA বৃদ্ধিৰ সিদ্ধান্ত পৃথককৈ গ্ৰহণ নকৰে। কেন্দ্ৰীয় চৰকাৰে যিমান শতাংশ DA বৃদ্ধি কৰে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও সিমানেই DA বৃদ্ধি কৰা হয়।

ইয়াৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগে গ্ৰহণ কৰিব লাগে এক সিদ্ধান্ত। সেই সিদ্ধান্ত কেবিনেটত গৃহীত হোৱাৰ পিছত কৰ্মচাৰীসকলৰ DA বৃদ্ধি কাৰ্যকৰী হয়।


এই DA বৃদ্ধি ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে কেতিয়াৰ পৰা কাৰ্যকৰী কৰিব, তাকে লৈ অপেক্ষাৰত কৰ্মচাৰীসকল।

মন কৰিবলগীয়া যে, হাৰিয়ানা চৰকাৰে ইয়াৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলক দেৱালীৰ উপহাৰ হিচাপে DA বৃদ্ধিৰ ঘোষণা কৰিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে বৃহস্পতিবাৰে এই ডাঙৰ খবৰ ঘোষণা কৰে।

ৰাজ্যখনৰ ৩.৫ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ শতাংশ DA বৃদ্ধিৰ ঘোষণা কৰা হৈছে। ইয়াৰ লগতেই হাৰিয়ানা চৰকাৰী কৰ্মচাৰীৰ DA ৪২ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাইছে।

ইয়াৰোপৰি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৰাজ্যখনৰ আশা শ্ৰমিকসকলৰ সন্মানীয় ভাট্টা বৃদ্ধিৰো ঘোষণা কৰে। এই ভাট্টা ২,১০০ টকালৈ বৃদ্ধি কৰা হৈছে।

হাৰিয়ানাৰ বৰ্তমানৰ চৰকাৰ ২০১৪ চনৰ ২৬ অক্টোবৰত ক্ষমতালৈ আহিছিল। বৃহস্পতিবাৰে ই ৯ বছৰ সম্পূৰ্ণ কৰিলে।

DA বৃদ্ধিৰ উপৰিও, ২৬ অক্টোবৰৰ পৰা ‘প্ৰাণ বায়ু দেৱতা পেঞ্চন আঁচনি আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত যিসকল লোকৰ ভূমিত ৭৫ বছৰৰ অধিক বয়সৰ গছ আছে, তেওঁলোকক পেঞ্চন দিয়া হ’ব।


এই আঁচনিৰ অধীনত, ৩৮১০টা গছৰ বাবে পেঞ্চন আৰম্ভ কৰা হৈছে আৰু প্ৰতি বছৰে ২৭৫০টকাকৈ পেঞ্চন দিয়া হ’ব।
Previous Post Next Post