{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত

অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত


আই পি এল ২০২৫ৰ তিনিখন মেচৰ বাবে উইকেট ৰক্ষকৰ পৰা বিৰত থকাৰ পিছত এতিয়া ৰাজস্থান দলৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্স (চি অ’)ৰ ফাপে গতি কৰিছে। সম্পূৰ্ণ ফিট নোহোৱাৰ বাবে তেওঁ প্ৰথম তিনিখন মেচৰ বাবে উইকেটৰক্ষক আৰু অধিনায়কৰ দায়িত্ব এৰিবলগীয়া হৈছিল।

যাৰ ফলত ৰাজস্থান দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল ৰিয়ান পৰাগে। যিহেতু চেমছনে এতিয়া বহু পৰিমাণে আঘাতৰ পৰা সুস্থ হৈ উঠিছে, সেয়েহে তেওঁ চেণ্টাৰ অৱ এক্সেলেন্সলৈ গৈ নিজৰ ফিটনেছৰ মূল্যায়ন কৰি উইকেটকীপিঙৰ অনুমতি লোৱাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ পৰা বেংগালুৰুত উপস্থিত হয় চেমচন। যদি চেমচনে স্বাস্থ্য সন্দৰ্ভত অনুমোদন পায় তেন্তে পৰৱৰ্তী মেচত তেওঁ কেৱল উইকেট ৰক্ষণ কৰাই নহয়, ৰাজস্থান দলৰ অধিনায়কত্বও পুনৰ লাভ কৰিব পাৰে।

এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁৰ বুঢ়া আঙুলিৰ আঘাত সম্পূৰ্ণৰূপে ভাল হৈছে আৰু তেওঁ নিজকে যথেষ্ট ফিট অনুভৱ কৰি উইকেটৰ দায়িত্ব ল’বলৈ সক্ষম হৈছে।

সূত্ৰটোৱে কয় যে, ‘আই পি এলৰ পৰৱৰ্তী মেচসমূহত তেওঁ উইকেট কিপিঙৰ অনুমতি ল’ব আৰু ৫ এপ্ৰিলত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত তেওঁক অধিনায়ক হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে। যদি এনে হয় তেন্তে ৰিয়ানৰ অধিনায়ক হিচাপে কালিৰ ৩০ তাৰিখৰ খেল খনেই হ’ব এইবাৰৰ আই পি এলৰ অন্তম খন খেল।

উল্লেখ্য যে, ৰিয়ানৰ অধিনায়কত্বত ৰাজস্থান দলে ৩ খন খেলৰ প্ৰথম দুখনত বিফলতাৰ সন্মুখিন হোৱাৰ বিপৰীতে ৩০ মাৰ্চ তাৰিখৰ চেন্নাই দলৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।
Previous Post Next Post