হিমন্ত বিশ্বৰ ঘোষণা - অসমত বন্ধ হ’ব সকলো মাদ্ৰাছাৰ লগতে আন ধৰ্মীয় শিক্ষানুষ্ঠান
February 28, 2020
Add Comment
হিমন্ত বিশ্বই শিক্ষা বিভাগৰ দায়িত্ব লোৱাৰ লগে লগে ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কিছুমান লোৱা হৈছে । হিমন্ত বিশ্বই ঘোষণা কৰা অনুসৰি অহা চাৰি, পাঁচ মাহৰ ভিতৰত ৰাজ্যত বন্ধ হ’ব সকলো চৰকাৰী মাদ্ৰাছা আৰু সংস্কৃত টোল। আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটত লোৱা হয়এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষাৰ নামত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ স্বাৰ্থত ৰাজ্যৰ শিক্ষা বিভাগে মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনায় হিমন্ত বিশ্ব শৰ্মাই ।
হিমন্ত বিশ্বই সংবাদ মাধ্য়মক জনোৱা অনুসৰি মাদ্ৰাছা আৰু টোল সমূহ হাইস্কুললৈ ৰূপান্তৰ কৰা হ’ব। মাদ্ৰাছা আৰু টোলৰ শিক্ষকসকলে অৱসৰ পৰ্যন্ত দৰমহা ঘৰতেই বহি পাই থাকিব। একামাত্ৰ শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত। অহা চাৰি, পাঁচ মাহৰ ভিতৰতে এই সিদ্ধান্ত কাৰ্যত ৰূপায়ন কৰা হ’ব।
0 Response to "হিমন্ত বিশ্বৰ ঘোষণা - অসমত বন্ধ হ’ব সকলো মাদ্ৰাছাৰ লগতে আন ধৰ্মীয় শিক্ষানুষ্ঠান"
Post a Comment