ফাঁচি হ’বনে নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ? আইনী বিকল্পৰ বাবে এসপ্তাহৰ সময়

big decision of delhi high court nirbhaya convicts take all options in a week

নিৰ্ভয়া কাণ্ডক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি প্ৰদান কৰিছে। চাৰিওজন নৰ পিশাজ দোষীক আইনী বিকল্পৰ বাবে এসপ্তাহৰ সময় দিলে আদালতে । আদালতে কয়, হাইক’ৰ্টৰ আবেদন হাইক’ৰ্টতে নিষ্পত্তি কৰা হওক । আদালতৰ এই সিদ্ধান্তৰ পৰা এতিয়া স্পষ্ট হৈ পৰিছে যে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ শীঘ্ৰে ফাঁচিকাঠত উলমোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে: নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাখিল কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে ।


নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচিৰ ক্ষেত্ৰত হোৱা বিলম্বক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাখিল কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে । আদালতে কয়, আটাইকেইজন দোষীৰ বেলেগে বেলেগে ফাঁচি হ’ব নোৱাৰে ।

পাটিয়ালা হাউ ক’ৰ্টৰ সিদ্ধান্তক সঠিক হিচাপে মানি লৈ সকলো দোষীক একেলগে ফাঁচি দিয়াৰ পোষকতা কৰে উচ্চ ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰে হাইক’ৰ্টত আবেদন জনাই কৈছিল যে আটাইকেইজন দোষীক পৃথকে পৃথকে ফাঁচি দিয়া উচিত । যিকেইজনৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিয়ে নাকচ কৰিছে তেওঁলোকক ফাঁচি দিব লাগে ।

আপোনাৰ মতামত কি

দিব লাগেনে ফাঁচী ?
নে মুকলি কৰি দিব লাগে ?

কমেণ্ট বক্সত জনাওক।
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download