-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

এটা মাত্ৰ ফোনকল !! তাৰ পিছত লাগিল হাহাকাৰ বিমানযাত্ৰীৰ মাজত কিন্তু কিয় ?

mothers flight did not miss so son made a false call to bomb the plane

দিল্লী বিমানবন্দৰত এটা ভুৱা ফোনকলক লৈ হাহাকাৰ। দিল্লীৰ পৰা মুম্বাই অভিমুখে ইণ্ডিগ’ এয়াৰলাইনছৰ এখন বিমানে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে লাগিল হাহাকাৰ। বিমানবন্দৰলৈ ফোন আহিল – উক্ত বিমানখনত ৰখা হৈছে বোমা। লগে লগে হাহাকাৰ লাগিল বিমানযাত্ৰীৰ মাজত। তন্ন তন্নকৈ তালাচী চলোৱা হ’ল বিমানখনত। কিন্তু কোনো সামগ্ৰীৰ উদ্ধাৰ নহ’ল তালাচীত। তদন্তৰ অন্তত পোহৰলৈ আহিল যে সেয়া এক ভুৱা কল আছিল।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল যে দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰিবলগীয়া ইণ্ডিগ’ এয়াৰলাইনছৰ বিমানখনত যাত্ৰা কৰিবলগীয়া দুগৰাকী মহিলাৰ বিমানবন্দৰ পোৱাত পলম হৈছিল। সোধা–পোছাত মহিলাগৰাকীয়ে কয় যে বিমানবন্দৰ পোৱাত পলম হোৱা কথাটো মুম্বাইত থকা পুত্ৰক দিছিল। পুত্ৰই মাতৃক কৈছিল যে আপুনি নিশ্চিন্তমনে বিমানবন্দৰলৈ যাওক, বিমানখন ৰৈ থাকিব। আৰু তাৰ পিছতে বিমানবন্দৰলৈ ফোন কৰি বিমানত বোমা ৰখা বুলি কয় যুৱকজনে। আৰক্ষীয়ে তদন্ত কৰি অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰিছে। সোমবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা।

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel