আকাশৰ তলত আলফা (স্বাধীন)ৰ লগত আমি সকলো কথা পাতিম: হিমন্ত বিশ্ব শৰ্মা

latest news today  3 latest news  listen to the latest news  latest news mumbai  latest news in hindi  the latest breaking news in india  latest health news  latest news aaj

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোকোৰাঝাৰত শুক্ৰবাৰেআলফা (স্বাধীন)ৰে আলোচনাৰ প্ৰসংগত বিস্তৃতভাবে আলোচনা কৰিব ৰাজ্য চৰকাৰে ৷ ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাধীন)ৰ ছিংগল পইণ্ট এজেণ্ডাৰ কথা প্ৰধানমন্ত্ৰীক জনাব ৷

কোকোৰাঝাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত কয় “কাইলৈ মই আৰু মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে আলফা (স্বাধীন)ৰ দাবী সন্দৰ্ভত জনাম ৷ প্ৰধানমন্ত্ৰীয়ে যি মডেলিটি দিয়ে সেই হিচাপত আমি আগবাঢ়িম ৷ কি কথা পাতিলো প্ৰধানমন্ত্ৰীৰে আমি ৰাইজক জনাম ৷”

মন্ত্ৰী শৰ্মাই লগতে কয় যে,  “আলফা-ভাৰত চৰকাৰৰ আলোচনা TVৰ আগত নহয় ৷ সকলো কথা TVৰ সন্মুখত নহয় আলোচনা ৷ আমি আশাবাদী যে এইবাৰ বিশেষ গতিত আগবাঢ়িব আলোচনাই ৷ আগৰ দৰে সম্ভৱত নহয় ৷ চৰকাৰৰ তৰফৰ পৰা পোনপটীয়াকৈ আলোচনাৰ কৰ্তৃত্ব এজনক দিব আৰু পৰেশ বৰুৱাইও পোনপটীয়াকৈ এজনক কৰ্তৃত্ব দিব বুলি আশা কৰিলো ৷ যিয়ে নিজক আলফা বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিব ৷”

আলফা (স্বাধীন)ৰে আলোচনাৰ প্ৰসংগত মন্ত্ৰী হিমন্তই পুনৰ ক'লে, “পৰ্দাৰ আঁৰত চলিব আলোচনা ৷ যোৱা এটা পষেকত TVত যিমানবোৰ কথা পৰেশ বৰুৱাই কৈছে, সকলো বোৰক আমি ইতিবাচক দেখিছো ৷”

“'সাৰ্বভৌমত্ব'ৰ বিষয়ত আমি আলোচনা কৰিব নোৱাৰিব পাৰো, কিন্তু এইটো নহয় যে আমি মনৰ কথাবোৰ পাতিব নোৱাৰিম ৷ মনমোহন সিঙে প্ৰধানমন্ত্ৰী হৈ থাকোতে সকলো কথা পাতিম বুলি আলফাক চিঠি দিছিল ৷ কাশ্মীৰত বাজপেয়ীয়ে আকাশৰ তলৰ সকলো কথা পাতিব পাৰি বুলি কৈছিল ৷ আমি আকাশৰ তলত থকা সকলো বিষয়ে আমি পাতিম ৷ আশা কৰিছো পৰেশ বৰুৱাই পোনপটীয়াকৈ প্ৰতিনিধি আলোচনাৰ বাবে প্ৰেৰণ কৰিব,” এয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা ৷

“আলোচনাৰ বাবে এদল মানুহৰ প্ৰয়োজন নাই ৷ চৰকাৰৰ তৰফৰ পৰা এজনক অধিকাৰ দিব ৷ আলফাৰ তৰফৰ পৰাও এজনক অধিকাৰ দিয়ক ৷ যিয়ে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক পোনপটীয়াকৈ সাক্ষাৎ কৰি কথা পাতিব পাৰিব ৷ উভয় পক্ষই কথা পতাৰ অধিকাৰ দিব লাগিব ৷ পৰেশ বৰুৱাক প্ৰয়োজনত পোৱা প্ৰতিনিধি হোৱাতো ভাল,” ক'লে হিমন্ত বিশ্ব শৰ্মাই।
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download