হিমেশৰ লগত নতুন গীত গাই আকৌ ভাইৰেল ৰাণু মণ্ডল, চাওক Video
February 06, 2020
Add Comment
আকৌ চৰ্চাত ৰাণু মণ্ডল। আকৌ এবাৰ হিমেশ ৰেশমিয়াৰ সৈতে ৰাণু মণ্ডলে গালে গীত। ‘হ্যাপি হাৰডি’ ছবিৰ নতুন গীত ‘নজদিকিয়া’ গাইছে ৰাণু মণ্ডলে। ৰাণু মণ্ডল এতিয়া ষ্টাৰ। ৰে’ল ষ্টেচনৰ পৰা বলীউদলৈকে ৰাণু মণ্ডলৰ যাত্ৰা কোনে নাজানে। গীতৰ লগতে ৰাজহুৱাকৈ বিশেষ কিছু মন্তব্য কৰি প্ৰায়ে চৰ্চাত থাকে ৰাণু মণ্ডল।
ৰে’ল ষ্টেচনত গান গাই পেটৰ ক্ষুধা নিবাৰণ কৰা ৰাণু আজি বলীউদৰ নেপথ্য কণ্ঠশিল্পী। ইতিমধ্যে ৰাণু মণ্ডলে হিমেশ ৰেশমিয়াৰ ছবিৰ বাবে কণ্ঠদান কৰিছে তিনিটাকৈ গীতত। প্ৰতিটো গীতৰ ভিডিঅ’ হিমেশ ৰেশমিয়াই শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
শুনক ৰাণু মণ্ডলৰ নতুন গীত
0 Response to "হিমেশৰ লগত নতুন গীত গাই আকৌ ভাইৰেল ৰাণু মণ্ডল, চাওক Video"
Post a Comment