যিজনে কোৰোণা ভাইৰাছক সৰ্বপ্ৰথমে ধৰাপেলাবলৈ সক্ষম হৈছিল, সেইজন চিকিৎসকৰে মৃত্যু এই ভাইৰাছত
February 07, 2020
চীনত কৰোণা ভাইৰাছে ধাৰণ কৰিছে মহামাৰী ৰূপ। এইপৰ্যন্ত দেশখনত ৫৬৩জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৮ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। চীনৰ পৰা আৰম্ভ হোৱা এই ভাইৰাছ সংক্ৰমিত হৈছে ভাৰতৰ লগতে বিশ্বৰ কেইবাখনো দেশলৈ। ভাৰতত এই পৰ্যন্ত ৩জন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
কোৰোনা ভাইৰাছক লৈ যিগৰাকী চিকিত্সকে সৰ্বপ্ৰথমে ধৰা পেলাবলৈ সক্ষম হৈছিল, সেই চিকিত্সকগৰাকীৰো মৃত্যু হৈছে কৰোণা ভাইৰাছত। মৃত চিকিত্সকজনৰ নাম লি ৱেনলিয়াং। যি সময়ত ৱেনলিয়াঙে এই ভাইৰাছক লৈ সৰ্তকবাণী কৰিছিল সেই সময়ত কোনেও তেওঁৰ কথা গুৰুত্ব সহকাৰে লোৱা নাছিল। বৃহস্পতিবাৰে য়ুহানত মৃত্যু হয় চিকিত্সক ৱেনলিয়াঙৰ।
বিগত বৰ্ষৰ ৩০ ডিচেম্বৰতে ৱেনলিয়াঙে কৰোনা ভাইৰাছৰ কথা উল্লেখ কৰিছিল। তেওঁ নিজৰ মেডিকেল স্কুলৰ অনলাইন এমিউনিটী চাট গ্ৰুপত কৈছিল যে, তেওঁৰ হাস্পতাললৈ ৭জন ৰোগী আহিছিল যাৰ শৰীৰত এই ভাইৰাছৰ লক্ষণ দেখা দিছিল। ৱেনলিয়াঙে কৈছিল ২০০৩ চনতো এই ভাইৰাছত আক্ৰান্ত হৈ শতাধিক লোকৰ মৃত্যু হৈছিল।