মই কাম ওলমাই থোৱা মানুহ নহয়, শীঘ্ৰে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী হ’বঃ প্ৰধানমন্ত্ৰী মোদী
February 07, 2020
Add Comment
অতি শীঘ্ৰে কাৰ্যকৰী হ’ব অসম চুক্তিৰ ৬ নং দফা। কোকৰাঝাৰত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কমিটিৰ প্ৰতিবেদন পালেই সোনকালে কাৰ্যকৰী কৰা হ’ব অসম চুক্তিৰ ছয় নং দফা। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, আমি অসম তথা উত্তৰ পূৱৰ প্ৰতি দায়বদ্ধ। কাম ওলমাই থোৱা মানুহ আমি নহয়। অতি শীঘ্ৰে কাৰ্যকৰী হ’ব অসম চুক্তিৰ ছয় নং দফা।
কোকৰাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ। বড়ো ভাষাৰে আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে ভাষণ। প্ৰধানমন্ত্ৰীয়ে কয় যে, অসমলৈ, এই অঞ্চলত মই বহুবাৰ আহিছো ৷ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো আহিয়েই আছো ৷ কিন্তু আজিৰ দৰে ৰাইজ মই দেখা নাই ৷ আৰনাই আৰু দখনাৰ ৰঙেৰে উজ্বলি উঠিছে এই বৃহৎ সমাজ ৷ হেলিকপ্টাৰৰ পৰাও মই চালো - মানুহেই মানুহ।’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয় যে, মই কালি মই দেখিলো, ছছিয়েল মিডিয়াত, TVত যে কিমান বন্তি জ্বলালে আপোনালোকে ৷ মটৰ চাইকেল ৰেলী কৰিলে। আজি এশ ত্ৰিশ কোটি হিন্দুস্তানীয়ে আপোনালোকক ধন্যবাদ দিছে।’ এই জয় শান্তিৰ জয়, মানৱতাৰ জয়। এতিয়া উত্তৰ–পূবৰ প্ৰতি সকলোৰে ধাৰণা সলনি হৈছে। বড়ো ভাষা, সংস্কৃতিক উচ্চ আসন দিবলৈ আমি বদ্ধপৰিকৰ।’
0 Response to "মই কাম ওলমাই থোৱা মানুহ নহয়, শীঘ্ৰে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী হ’বঃ প্ৰধানমন্ত্ৰী মোদী"
Post a Comment