-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

Exit Poll Results 2020: দিল্লীত আকৌ এবাৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে অৰবিন্দ কেজৰিৱাল

delhi-election-exit-poll-results-2020-live-updates

দিল্লীৰ ৭০খন আসনত ভোটগ্ৰহণ আজি অনুষ্ঠিত হয়। কা বিৰোধ হৈ থকা শ্বাহিন বাগ সহ বিভিন্ন এলেকাত দীঘলীয়া শাৰী পাতি ভোটাৰে ভোটদান কৰে। নিৰ্বাচনত পোণপটীয়া যুঁজ হৈছে আম আদমী পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ। সন্ধিয়া ৬বজালৈ ৫৪.৬৫শতাংশ ভোটগ্ৰহণ অনুষ্ঠিত হয় দিল্লীত। ভোটগ্ৰহণ শেষ হোৱাৰ পিছতে এতিয়া সন্মুখলৈ আহিছে এগজিট প’লৰ ফলাফল। অধিকাংশ এগজিট প’লত আপৰ চৰকাৰক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিয়া হৈছে।


প’লছ অৱ প’লছত AAPক ৫০, বিজেপিক ১৯ আৰু কংগ্ৰেছক এখন আসন দিয়া হৈছে।

⚫ সুদৰ্শন নিউজৰ প’লছত AAPক ৪০–৪৫ খন আসন, বিজেপিক–২৪–২৮আসন, কংগ্ৰেছক–২–৩খন আসন দিয়া হৈছে।

⚫ NewsX- নেতা এগজিট প’লৰ মতে আপে ৫৩–৫৭খন আসন, বিজেপিক–১১–১৭খন আসন আৰু কংগ্ৰেছক ০–২খন আসন দিয়া হৈছে।

⚫ টাইমছ নাও ইপছ’ছৰ মতে, আপে ৪৪খন আসন, বিজেপিয়ে ২৬খন আসন আৰু কংগ্ৰেছে ০খন আসন পাব।

⚫ ABP নিউজ–চি ভোটাৰৰ মতে আপে ৫২%, বিজেপিয়ে ৪০% আৰু কংগ্ৰেছে ৬% ভোট পাব পাৰে।

⚫ টিভি৯ ভাৰতবৰ্ষৰ মতে আপে ৫৪খন আসন, বিজেপিয়ে ২৪–২৮খন আসন, কংগ্ৰেছে ১খন আসন পাব।

⚫ ৰিপাব্লিক টিভিৰ মতে, আপে ৪৮খনৰ পৰা ৬১খন আসন, বিজেপিয়ে ৯ৰ পৰা ২১খন আসন, কংগ্ৰেছে ০ৰ পৰা ১খন আসন পাব।



Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel