{{ date }}
{{ time }}
DIGITAL CLOCK BY AssamGuru.com
Telegram Channel:Join Now
Whatsapp Update:Join Now

বাধ্যতামূলক হ’ব অসমীয়া, উচ্চতৰ মাধ্যমিকত নাথাকিব ঐচ্ছিক ইংৰাজী !

assamese-is-mandatory-for-assam-higher-secondary-examination

অসমীয়া ভাষা বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চিন্তা চৰ্চা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰমত ঐচ্ছিক ইংৰাজীৰ সলনি মাতৃভাষা অসমীয়া কৰাৰ বাবে  শিক্ষা সংসদে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

শনিবাৰে শিক্ষা সংসদত অনুষ্ঠিত হয় এখন আলোচনাচক্ৰ। ৰাজ্যৰ কেইবাজনো বিশিষ্ট চিন্তাবিদ,বুদ্ধিজীৱী,সাহিত্যিক,বিভিন্ন সংগঠন, বিভিন্ন জনজাতীয় সাহিত্য সভাৰ লগতে অসম সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই আলোচনাচক্ৰত।

ঐচ্ছিক ইংৰাজীৰ সলনি ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত বিকল্প কি ভাষাৰ পাঠ্যক্ৰমৰ পঢ়িব লাগিব ,তাকে লৈ প্ৰতিনিধি সকলে দাঙি ধৰে নিজৰ নিজৰ যুক্তি। আলোচনাচক্ৰত উপস্থিত থকা সকলোৱে অসম মাধ্যমিকৰ শিক্ষা সংসদে অসমীয়া বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্ধান্তক  আদৰণি জনায়। লগতে শীঘ্ৰে ঐচ্ছিক ইংৰাজীৰ সলনি বাংলা,বড়ো, হিন্দী, মণিপুৰী,  নেপালী, উৰ্দু, খাচী, গাৰো, মিজো, মাৰকে ধৰি মুঠ ১১টা ভাষা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত সংযোজন কৰাৰ  পৰামৰ্শ আগবঢ়াই প্ৰতিনিধি সকলে।

সভাত লোৱা প্ৰস্তাৱ অনুসৰি শীঘ্ৰেই ঐচ্ছিক ইংৰাজীৰ স্থানত এঘাৰটা আঞ্চলিক ভাষাক উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত সংযোজন ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইয়ে।
Previous Post Next Post