ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক প্ৰত্যাহ্বান জনাই বিজেপিৰ সংকল্প সমাৰোহ। সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ কটাক্ষ কৰে জুবিন গাৰ্গক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘জুবিন গাৰ্গে কয় পলিটিক্স নকৰিবা বন্ধু, মই ক’ম– মিছা কথাকৈ পলিটিক্স নকৰিবা বন্ধু।’
মন্ত্ৰী শৰ্মাৰ মতে, ডিব্ৰুগড়ৰ বিজেপিৰ সভাই প্ৰমাণ কৰিলে যে, আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১০০ খন আসন দখল কৰি চৰকাৰ গঠন কৰিব।