পুনৰ দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ দিশে কেজৰিৱাল, দিল্লীবাসীক ক’লে- I Love You
February 11, 2020
দিল্লীত তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ দিশে আম আদমী পাৰ্টী। নতুন দিল্লীৰ পৰা জয়লাভ কৰিলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই জয়ৰ পিছতে দলীয় কৰ্মীক ধন্যবাদ জনালে কেজৰিৱালে। কেজৰিৱালে ক’লে – এয়া দেশ আৰু দিল্লীবাসীৰ জয়। কেজৰিৱালে কয় যে এতিয়া সেই দলেহে জয়লাভ কৰিব যিয়ে জনতাৰ কাম কৰিব। যিয়ে ২৪ ঘণ্টাই বিজুলি যোগান দিব, স্বাস্থ্যৰ সুবিধা উন্নত কৰিব তেওঁলোকেহে লাভ কৰিব ভোট।
অৰবিন্দ কেজৰিৱালে কয়, ‘মই দিল্লীৰ জনতাক অন্তৰৰ পৰা ধন্যবাদ জনাইছো যিসকলে মোৰ ওপৰত বিশ্বাস ৰাখিলে। এয়া কেৱল আম আদমী পাৰ্টীৰ জয় নহয়, এয়া সমগ্ৰ দিল্লীবাসীৰ জয়। এয়া দিল্লীৰ সেইসমূহ পৰিয়ালৰ জয়, যিসকলে মোক নিজৰ পুত্ৰ বুলি ভাবিলে।
দিল্লীৰ জনসাধাৰণক উদ্দেশ্যি কেজৰিৱালে কয় – আপোনালোকে আচৰিত কৰি দিলে, আই লাভ ইউ। এয়া সেই সকলো পৰিয়ালৰ জয় যিসকলে ২৪ ঘণ্টাই বিজুলী পাবলৈ ধৰিছে। এয়া সেই সকলো পৰিয়ালৰ জয় যিসকলে হাস্পতালত ভাল চিকিৎসা পাইছে, বিদ্যালয়ত ভাল শিক্ষা লাভ কৰিছে। দিল্লীৰ জনতাই আজি দেশত এক নতুন ৰাজনীতিৰ জন্ম দিলে। যাৰ নাম হৈছে কামৰ ৰাজনীতি।