-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

দিল্লীত কিয় জিকিল কেজৰিৱাল? কাৰণ বাখ্যা হিমন্ত বিশ্বৰ


দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত আম আদমী পাৰ্টীৰ বৃহৎ সফলতা। একক সংখ্যাগৰিষ্ঠতাৰে কেজৰিৱালে হেটট্ৰিক কৰাটো এতিয়া জলজল–পটপট হৈ পৰিছে। বিকাশৰ ইছ্যুৰে নিৰ্বাচনী যুঁজত নমা আম আদমী পাৰ্টীয়ে তৃতীয়বাৰলৈ দিল্লীৰ শাসনৰ বাঘজৰী হাতত লোৱাটো প্ৰায় নিশ্চিত।



নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিও আম আদমী পাৰ্টীক ৰোধ কৰিব নোৱাৰিলে বিজেপি নেতৃত্বই। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত সৰ্বশক্তি প্ৰয়োগ কৰিছিল বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰায় সকলো কেবিনেট মন্ত্ৰী, ১১খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, সকলো সাংসদে দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। বিভিন্ন আশ্বাস–প্ৰতিশ্ৰুতিৰে দিল্লীবাসীৰ হৃদয় জিনাৰ চেষ্টা চলাইছিল বিজেপিয়ে। কিন্তু কেজৰিৱালৰ বিকাশৰ ধাৰাই থানবান কৰি পেলালে বিজেপিৰ সকলো প্ৰচেষ্টা।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল দিল্লীত। দিল্লীৰ গলিয়ে গলিয়ে ঘূৰি ভোট বিচাৰিছিল সোণোৱালে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অযোগ্য আৰু অদক্ষ বুলি মন্তব্য কৰিছিল সোণোৱালে। সোণোৱালে কৈছিল – দেশৰ ৰাজধানীত চৰকাৰ চলাবলৈ প্ৰয়োজনীয় দায়িত্ববোধ, যোগ্যতা আৰু দক্ষতা কেজৰিৱালৰ নাই। বিজেপি দলৰহে সেই যোগ্যতা আৰু দক্ষতা আছে। কিন্তু বিজেপিৰ আশ্বাস–প্ৰতিশ্ৰুতিক একাষৰীয়া কৰি দিল্লীবাসীয়ে যোগ দিলে কেজৰিৱালৰ বিকাশৰ ধাৰাত।



উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱালে দিল্লীৰ জনতাৰ বাবে বিনামূলীয়া পানী, বিনামূলীয়া বিদ্যুৎ, মহোল্লা ক্লিনিক, চৰকাৰী বিদ্যালয়ৰ উন্নয়ন আদি বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে। যিবোৰ সাধাৰণ জনতাৰ বাবে অতিকে প্ৰয়োজন। কেজৰিৱালৰ এই কামৰ বাবেই দিল্লীৰ জনতাই পুনৰ ৰায় দিলে কেজৰিৱালৰ পক্ষত।

আপৰ এই নিৰ্বাচনী ফলাফলৰ পিছতে বিভিন্নজনে ক’ব বিচাৰে যে এয়া আম আদমী পাৰ্টীৰ কৰ্মৰ ফল। এই কথা স্বীকাৰ কৰিলে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। আজি News18ৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ নিৰ্বাচনী ফলাফলক লৈ কয় – ‘দিল্লীত চৰকাৰ গঠন কৰাৰ কথা বিজেপিয়ে কেতিয়াও ভৱাই নাছিল। দিল্লীৰ জনতাই লোকসভাত বিজেপিক আৰু বিধানসভাত আপক বিচাৰে। আম আদমী পাৰ্টীৰ বিকাশমূলক কামক প্ৰশংসা কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে আপ চৰকাৰে দিল্লীবাসীক বিনামূলীয়া পানী আৰু বিজুলী যোগান দিয়াৰ সুফল পাইছে।’

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel