{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

অশান্ত দিল্লীৰ ভিডিঅ’ Whatsappত কাৰোবালৈ প্ৰেৰণ কৰিছিল নেকি? ব্যৱস্থা ল’ব আৰক্ষীয়ে


উত্তৰ পূব দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে দিল্লী প্ৰশাসনে। দিল্লীৰ হিংসাত্মক ঘটনাৰ বহু ভিডিঅ’ আৰু আলোকচিত্ৰ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে হোৱাটছএপ যোগেও শ্বেয়াৰ কৰা এই ভিডিঅ’ সমূহৰ অধিকাংশই ভুৱা ভিডিঅ’ বুলি ইতিমধ্যে নিশ্চিত কৰিছে দিল্লী প্ৰশাসনে। প্ৰশাসনে জানিবলৈ দিয়া মতে, হোৱাটছএপ, ফেচবুক বা অন্য ছ’চিয়েল মাধ্যমযোগে দ্ৰুতভাৱে প্ৰচাৰ হোৱা বহু ভিডিঅ’ৰ দিল্লীৰ হিংসাৰ সৈতে কোনো সম্পৰ্ক নাই।

ইফালে বিশেষকৈ হোৱাটছএপ যোগে প্ৰসাৰিত দিল্লীৰ ঘটনাৰ ভিডিঅ’ৰ প্ৰচাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে দিল্লী চৰকাৰ। তাৰ বাবে অতি শীঘ্ৰে এটা হোৱাটছএপ নম্বৰো জাৰি কৰাৰ ঘোষণা কৰিছে দিল্লী চৰকাৰে। যদি কোনো লোকে উচতনিমূলক বা হিংসা সৃষ্টি কৰিব পৰা ধৰণৰ ভিডিঅ’ৰ প্ৰচাৰৰ বিষয়ে জানিব পাৰে, তেন্তে চৰকাৰে জাৰি কৰিবলগা হোৱাটছএপ নম্বৰযোগে সেই সন্দৰ্ভত অভিযোগ দাখিল কৰিব পাৰিব।

এগৰাকী বিষয়াই হোৱাটছএপ নম্বৰত লাভ কৰা অভিযোগৰ ওপৰত দৃষ্টি ৰাখিব বুলি জানিবলৈ দিছে চৰকাৰে। প্ৰয়োজনত সেই অভিযোগ দিল্লী আৰক্ষীলৈ প্ৰেৰণ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আনফালে সমাজত বিদ্বেষ সৃষ্টি কৰিবপৰা কোনো ধৰণৰ ভিডিঅ’ বা আলোকচিত্ৰ প্ৰচাৰ নকৰিবলৈও আহ্বান জনাইছে দিল্লী চৰকাৰে।

প্ৰণিধানযোগ্য যে, উত্তৰ পূব দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত ৪২ জন লোক নিহত হোৱাৰ উপৰিও ৪ শতাধিক লোক আহত হৈছে। এই হিংসাত্মক কাৰ্য কিদৰে সংঘটিত হ’ল সেই সন্দৰ্ভত কোনো নিশ্চিত হ’ব নোৱাৰিলেও একাংশই দাবী কৰা মতে, দিল্লীৰ বাহিৰৰ পৰা অহা অস্ত্ৰধাৰী লোকে উত্তৰ পূব দিল্লীত এনে ঘটনা সংঘটিত কৰিছে।

আনহাতে ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ক্ৰাইম ব্ৰান্সৰ এছআইটি কমিটীয়ে এই ঘটনাৰ আঁৰত স্থানীয় অপৰাধীৰ হাত থকা বুলি সন্দেহ কৰিছে। ঘটনাৰ সৈতে জড়িতৰ সন্দেহত কেইবাজনকো আটক কৰি সোধাপোছা অব্যাহত ৰখা হৈছে। কিন্তু ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাসৰ সৃষ্টি কৰা শ্বাহৰুখ নামৰ অভিযুক্ত যুৱকজনক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
Previous Post Next Post