-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

কেনে আছে জুবিন দা :: ১২জন চিকিৎসকৰ তত্বৱধানত নেমকেয়াৰৰ আই চি ইউত


নিশা ৯.৫৫ বজাতঃ নেমকেয়াৰ হাস্পতালৰ বাহিৰত অসংখ্য অনুৰাগীৰ ভিৰ। জুবিনৰ একাংশ অনুৰাগীয়ে জুবিন সুস্থ নোহোৱা পৰ্যন্ত চিকিৎসালয়খনৰ চৌহদতে থকাৰ সিদ্ধান্ত।

নিশা ৯. ৪৫ বজাতঃ ১২জন চিকিৎসকৰ নিৰীক্ষণত আছে জুবিন গাৰ্গ। শেহতীয়াকৈ মাতো মাতিছে জুবিন গাৰ্গে।

নিশা ৯.৩৬ বজাতঃ জুবিনৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সময়ৰ কেইবাটাও কাৰ্যসূচী বাতিল কৰা হৈছে। শিল্পীগৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে গ্ৰহণ কৰা এই সিদ্ধান্তক ভুল নুবুজিবলৈ আহ্বান জুবিনৰ ব্যক্তিগত সহায়কৰ।

নিশা ৯.২০ বজাতঃ দুই-তিনি দিন চিকিৎসালয়ত থাকিব লাগিব জুবিন গাৰ্গ। তাৰপাছতেই তেওঁ সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিব বুলি আশাবাদী চিকিৎসক। বৰ্তমান ২৪ ঘণ্টাই চিকিৎসক-নাৰ্ছৰ নিৰীক্ষণত আছে জুবিন।

নিশা ৯.১০ বজাতঃ জুবিন গাৰ্গ সুস্থ হৈ উঠাৰ বাবে মন্ত্ৰী অতুল বৰাই জনালে প্ৰাৰ্থনা। ফেচবুকত পোষ্ট দি তেওঁৰ আশুআৰোগ্য কামনা মন্ত্ৰীগৰাকীৰ।


নিশা ৮.৫৬ বজাতঃ চিকিৎসকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে চিন্তাৰ কাৰণ নাই। তেওঁ এতিয়া সংকটমুক্ত। ছিজাৰ বুলি সন্দেহ কৰিছিল চিকিৎসকে। ষ্ট্ৰ’ক বা হাৰ্ট এটেক নোহোৱাৰ কথা ঘোষণা চিকিৎসকৰ।

নিশা ৮.৩০ বজাতঃ ছ’চিয়েল মিডিয়াতো জুবিন গাৰ্গৰ সুস্থতাৰ বাবে অসংখ্যজনৰ প্ৰাৰ্থনা। প্ৰিয় শিল্পীগৰাকী শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে সহস্ৰাধিকজনৰ পোষ্টেৰে ভৰি পৰিল ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম।

সন্ধিয়া ৮.০০ বজাতঃ জুবিন গাৰ্গৰ অসুস্থতাৰ কথা বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমজুৰি জুবিন গাৰ্গৰ সুস্থতাৰ কামনা কৰি প্ৰাৰ্থনা অগণন লোকৰ। কিছু কিছু স্থানত জুবিন ফেন ক্লাৱৰ তৰফৰ পৰা নামঘৰত চাকি-বন্তিও আগবঢ়োৱা হয়।


সন্ধিয়া ৭. ৪৫ বজাতঃ হাস্পতালত অসংখ্য অনুৰাগীৰ ভিৰ। উপস্থিত হয় ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে। চিকিৎসকৰ লগত কথা-বতৰাৰ অন্তত জুবিন বৰ্তমান সুস্থ বুলি ঘোষণা কৰাৰ লগতে দৈনন্দিন ব্যস্ততাৰ বাবে এনেধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

সন্ধিয়া ৭.৩৫ বজাতঃ প্ৰাথমিক ভাৱে পৰীক্ষা কৰি লগে লগে আই চি ইউত ভৰ্তি কৰাৰ পৰামৰ্শ প্ৰদান কৰে চিকিৎসকে। কেইবাজনো চিকিৎসকে চিকিৎসা কৰাৰ অন্তত জুবিন গাৰ্গক সংকটমুক্ত বুলি ঘোষণা কৰে।

সন্ধিয়া ৭.৩০ বজাতঃ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হয় জুবিন গাৰ্গক। বহু অনুৰাগীৰ লগতে তেওঁৰ কাষত উপস্থিত থাকে সহধৰ্মীনি গৰিমা গাৰ্গ।

সন্ধিয়া ৭.০৮ বজাতঃ হঠাৎ শিল্পীগৰাকীৰ স্বাস্থ্যৰ এনে অৱনিত দেখি উপস্থিত লোকসকলৰ মাজত হৈ-চৈ লাগে। আৰু ততালিকে মহানগৰীৰ নেমকেয়াৰ চিকিৎসালয়লৈ নিয়া ব্যৱস্থা কৰা হয়।

সন্ধিয়া ৭.০০ বজাতঃ বিভিন্ন অনুষ্ঠানৰ মাজতে জুবিন গাৰ্গে সাংবাদিকক সম্বোধন কৰাৰ সময়তে টাউন ক্লাৱৰ বাৰান্দাত বাগৰি পৰে তেওঁ। কাষত থকা অনুৰাগীসকলে মাটিত পৰিবলৈ নিদিয়াকৈ তুলি ধৰে শিল্পীগৰাকীক।

সন্ধিয়া ৬.৫০ বজাতঃ ভাষণ প্ৰসংগত জুবিন গাৰ্গে কয়- ‘প্ৰজেক্ট বৰগীতক লৈ মই অনুৰাগক অভিনন্দন জ্ঞাপন কৰিছো। বহু দিনৰ পৰা শুনি আছিলো অসমৰ সাংস্কৃতিক জগতৰ অপৰিহাৰ্য অংগ বৰগীতক লৈ অনুৰাগৰ এই পদক্ষেপক লৈ আনন্দিত হৈছিলো। সকলোৱে গানটো শুনিব। আৰু নিশ্চিত ভাৱে কওঁ যে বহু সম্পৰীক্ষা কৰি এই গীতটি অনুৰাগে প্ৰস্তুতি কৰিছে। সকলোৱে ভাল পাব বুলি মই নিশ্চিত।’

সন্ধিয়া ৬.৪৭ বজাতঃ অনুষ্ঠানটিৰ শোভাৰম্ভণি কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

সন্ধিয়া ৬.৪০ বজাতঃ অনুষ্ঠানত উপস্থিত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, শ্যামকানু মহন্তকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত অনুষ্ঠানটিত।
সন্ধিয়া ৬.৩০ বজাতঃ গুৱাহাটী টাউন ক্লাৱৰ প্ৰেক্ষাগৃহত উপস্থিত হয় জুবিন গাৰ্গ। সংগীত পৰিচালক অনুৰাগ শইকীয়াৰ ‘প্ৰজেক্ট বৰগীত’ অনুষ্ঠানত অংশ ল’বলৈ উপস্থিত হয় তেওঁ।

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel