ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে CAA, NRCৰ সন্দৰ্ভত আলোচনা কৰিব
22 February 2020
ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে CAA, NRCৰ সন্দৰ্ভত আলোচনা কৰিব। সমগ্ৰ দেশজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। আনকি বিশ্ব ৰাজনীতিতো নাগৰিকত্ব সংশোধনী আইনে বিশেষ প্ৰভাৱ পেলাইছে বুলি জানিব পৰা গৈছে। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান বিষয়টো পাইছে গৈ ৰাষ্ট্ৰসংঘৰ মজিয়াও।
নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত বহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে মাৰ্কিন প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াই।