-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

Google-এ বন্ধ কৰিব Wifi সেৱা! নাপাব পাৰে আপুনিও wifi সেৱা


ডাঙৰ খবৰ! Googleএ বন্ধ কৰিব Wifi সেৱা। নাপাব পাৰে  আপুনিও wifi সেৱা । সমগ্ৰ বিশ্বৰ বাবেই প্ৰযোজ্য হ’ব Googleৰ এই নতুন সিদ্ধান্ত। বিশ্বৰ লগতে ভাৰতৰো ৰে’লৱে ষ্টেচন সমূহত উপলব্ধ নহ’ব এই সেৱা।



যাত্ৰীসকলক বিনামূলীয়া ইন্টাৰনেট সেৱা প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত পোনপ্ৰথমে মুম্বাই চেন্ট্ৰেল ৰে'লৱে ষ্টেচনৰ পৰা আৰম্ভ কৰা হৈছিল এই wifi সেৱাৰ ৷ বৰ্তমান দেশৰ প্ৰায় ৪০০তকৈও অধিক ষ্টেচন সামৰি লোৱা এই বিনামূলীয়া wifi সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে Google কোম্পানীয়ে ৷

ভাৰতীয় ৰে'লৰ টেলিকম শাখা RailTelৰ সহযোগত ভাৰতীয় ৰে'লৱে ষ্টেচনসমূহত Googleএ প্ৰদান কৰি আহিছিল বিনামূলীয়া wifi সেৱাৰ ৷ তথ্য অনুসৰি, এই সুবিধা ব্যৱহাৰ কৰি দেশজুৰি ২.৬ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে গড়ে খৰছ কৰি আহিছে ৯৪৯১ TB ডাটা ৷ কিন্তু এই ৫ বছৰত ভাৰতত ইন্টাৰনেট সুবিধা সহজলভ্য হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি Googleএ গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ বিনামূলীয়া wifi সুবিধা লাভ কৰা দেশৰ ৰে'লৱে ষ্টেচনসমূহৰ অন্যতম আছিল গুৱাহাটী ৰে'লৱে ষ্টেচনো।


উত্তৰ–পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই জনোৱা মতে, বৰ্তমানলৈ ৰে'ল বিভাগে Googleৰ পৰা এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে লাভ কৰা নাই কোনো পত্ৰ ৷

ভাৰতৰ উপৰিও নাইজেৰিয়া, থাইলেণ্ড, ফিলিপিনচ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, আৰু দক্ষিণ আফ্ৰিকাতো Googleএ আগবঢ়াই আহিছে এই সেৱা ৷ এই দেশসমূহৰ ক্ষেত্ৰতো Googleএ গ্ৰহণ কৰিছে একেই সিদ্ধান্ত ৷ এই সিদ্ধান্ত অনুসৰি ২০২০ বৰ্ষৰ ভিতৰত বন্ধ হৈ পৰিব বিনামূলীয়া wifi সেৱাৰ ৷ কিন্তু ভাৰতৰ ৰে'লৱে ষ্টেচনসমূহত উপলব্ধ বিনামূলীয়া wifi সেৱা Googleএ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলেও RailTelএ গ্ৰাহকক এই সুবিধা প্ৰদান কৰি যাব বুলি ৰে'লৱে বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে 

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel