-->

Trending Jobs

     Telegram Update:Join Now
     Whatsapp Update:Join Now
     Android Application:Download

এজন বাংলাদেশী অসমত প্ৰৱেশ কৰিলেই পদত্যাগ কৰিব বিজেপিৰ ৪২ লাখ কৰ্মীয়ে


মিছন ১০০ সফল কৰি তুলিবলৈ দলৰ প্ৰতিজন কাৰ্যকৰ্তাক সক্ৰিয় কৰি তোলাৰ কথা ব্যক্ত কৰি বিগত এসপ্তাহে উজনি অসমত ইখনৰ পিছত সিখন সাংগঠনিক সভা অনুষ্ঠিত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে।

‘CAA-ই আগন্তুক নিৰ্বাচনত প্ৰভাৱ নেপেলায় ৷ সংখ্যাৰ দোহাই দি প্ৰথমাৱস্থাত মানুহক আৱেগিক কৰি তুলিছিল যদিও নতুনকৈ কোনো এজন বাংলাদেশীও নাহে ৷ যদি এজনো বাংলাদেশী অসমলৈ আহে তেন্তে ৪২ লাখ কাৰ্যকৰ্তাই পদত্যাগ কৰিব ৷"— শুকুৰবাৰে তেজপুৰত এই মন্তব্য ৰণজিৎ কুমাৰ দাসৰ ৷

আনহাতে, ‘Inner Line Permit’ক লৈ বিজেপিৰ ভিতৰচ'ৰাত কোনো বিশেষ চৰ্চা চলা নাই বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সততে মাত মাতি অহা AJYCPয়ে কোনোদিন এই কথা মুখ্যমন্ত্ৰী অথবা ৰণজিৎ দাসকো জনোৱা নাছিল বুলি সদৰি কৰে ৷

ইফালে, ৬নং দফাৰ প্ৰতিবেদনৰ ক্ষেত্ৰত গৃহমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান নকৰাৰ যি অভিযোগ উত্থাপিত হৈছে, সেই ক্ষেত্ৰত অসম বিজেপিৰ সভাপতি গৰাকীয়ে এয়া প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ৬ নং দফা কাৰ্যকৰীকৰণৰ দিশত আগবাঢ়িছে  বুলি উল্লেখ কৰে তেজপুৰত ৷

তাৰোপৰি, আগন্তুক '২১ ৰ বিধানসভা নিৰ্বাচনত Mission-100 পূৰ্ণ কৰাৰ পূৰ্বেই পৌৰসভাও বিজেপিয়েই দখল কৰিব বুলি স্পষ্ট কৰি দিছে সভাপতিগৰাকীয়ে। আনহাতে ৰঙাপৰা-শিৱসাগৰৰ উপ–নিৰ্বাচন অনায়াসে বিজেপি জয়ী হ'ব বুলিও দোহাৰে ৰণজিত দাসে ৷

উপ–নিৰ্বাচনৰ বাবে সম্প্ৰতি কোনো প্ৰাৰ্থী বাচনি চূড়ান্ত কৰা নাই যদিও ৰঙাপৰাত প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰতকৈ অভিলেখ সংখ্যক ভোট লাভ কৰি বিজেপি প্ৰাৰ্থী জয়লাভৰ কথা দোহাৰিলে সভাপতি ৰঞ্জিত দাসে ৷ দলীয় সাংগঠনিক কামত উজনিৰ পৰা আহি তেজপুৰ আৱৰ্ত ভৱনত নিশা কটাই সভাপতি ৰঞ্জিত দাসে গুৱাহাটীলৈ বুলি যাত্ৰাকালত শনিবাৰে পুৱা মহাদেৱৰ আশীষ গ্ৰহণ কৰিলে ৷

Iklan Atas Artikel

---

Iklan Tengah Artikel 1

Post Middle Ad 02( Adsense )

Iklan Bawah Artikel