{{ date }}
{{ time }}
DIGITAL CLOCK BY AssamGuru.com
Telegram Channel:Join Now
Whatsapp Update:Join Now

সাহিত্য সভাত ‘তেৰী দিৱানী..’, কৈলাশ খেৰৰ গীতত যুৱক–যুৱতীৰ উদ্দাম নৃত্যৰ পিছতে প্ৰতিক্ৰিয়া

সোমবাৰে নিশা সাহিত্য সভাত সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰক। কৈলাশ খেৰৰ হিন্দী গীতৰ তালে তালে একাংশ যুৱক–যুৱতী উদ্দাম নৃত্যত মগ্ন হোৱা দেখা গ’ল।


বিভিন্ন খেলিমেলিক লৈ তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন। এফালে স্মৃতিগ্ৰন্থৰ ভুলে চকু কপালত তুলিছে, আনফালে নিশা দেখা গ’ল বলীউদৰ শিল্পীৰ গীতত যুৱক–যুৱতীৰ উদ্দাম নৃত্য। এই ঘটনাক লৈ এতিয়া চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উত্থাপিত হৈছে বিভিন্ন প্ৰশ্নৰ।


সোমবাৰে নিশা সাহিত্য সভাত সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰক। কৈলাশ খেৰৰ হিন্দী গীতৰ তালে তালে একাংশ যুৱক–যুৱতী উদ্দাম নৃত্যত মগ্ন হোৱা দেখা গ’ল। প্ৰথমবাৰলৈ সাহিত্য সভাৰ বাকৰিত দেখা গ’ল এনেধৰণৰ দৃশ্য!

জানিব পৰা মতে, সাহিত্য সভাৰ অনুষ্ঠানৰ বাবে ২৭ লাখ টকাত চুক্তিবদ্ধ হৈছিল বলীউদৰ দামী শিল্পী কৈলাশ খেৰ। প্ৰশ্ন উত্থাপিত হৈছে, সাহিত্য সভালৈ ২৭ লাখ টকাৰ বিনিময়ত বলীউদৰ শিল্পীক আমন্ত্ৰণৰ কিয় প্ৰয়োজন আছিল? তাৰ সলনি কিয় অনুষ্ঠিত কৰা নহ’ল অসমৰ লোক সংগীতৰ এক অনুষ্ঠান?


শুৱালকুছি অধিৱেশনলৈ আমন্ত্ৰণ লাভ নকৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহে কয় – ‘সাহিত্য সভাত অসমীয়া সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠান পৰিৱেশিত হ’ব লাগে। ব্যৱসায়িক দৃষ্টিভংগীৰে অনুষ্ঠান হ’ব নালাগে।’

সকলোৱে আশা কৰিছে, সাহিত্য সভা সাহিত্যৰ সাধনাৰ থলী হওক। ৰঙীন লাইটৰ পোহৰত উদ্দাম নৃত্য কৰাতকৈ নৱ–প্ৰজন্মক অধ্যয়নৰ প্ৰতি আকৰ্ষণ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হওক। বলীউদৰ শিল্পী মাতি লাখ লাখ টকা খৰচ কৰাতকৈ সেই টকা সভাৰ গঠনমূলক কামত খৰচ হওক।
Previous Post Next Post