{{ date }}
{{ time }}
DIGITAL CLOCK BY AssamGuru.com
Telegram Channel:Join Now
Whatsapp Update:Join Now

ৰক্ষা! কৰোণা ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰ: থাইলেণ্ডৰ এজন চিকিৎসকে আৱিষ্কাৰ কৰিছে এই প্ৰতিষেধক।

থাইলেণ্ডৰ এজন চিকিৎসকে আৱিষ্কাৰ কৰিছে এই প্ৰতিষেধক । 


চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে। ইতিমধ্যে সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে ১৭৩৮৭ জন লোক। ইয়াৰে ভিতৰত ১৭২০৫ গৰাকী কেৱল চীনৰ।এই প্ৰৰ্যন্ত কৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৩৬২জন লোক।


কৰোণা ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিবলৈ এতিয়া চিকিৎসা বিজ্ঞানীসকলে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। থাইলেণ্ডৰ এজন চিকিৎসকে এতিয়া উদ্ভাৱন কৰিছে কৰোণা ভাইৰাছৰ ঔষধ! HIVৰ ঔষধৰ লগত বহু কেইটা বেমাৰৰ ঔষধ একেলগ কৰি আবিষ্কাৰ কৰা হৈছে কৰোণা ভাইৰাছৰ প্ৰতিষেধক। চিকিৎসকে দাবী কৰিছে, এই ঔষধে ৪৮ ঘণ্টাৰ ভিতৰত ধ্বংস কৰিব কৰোণা ভাইৰাছক।


চিকিৎসক ক্ৰিয়েনচাকে কৈছে যে, এই নতুন ঔষধ সেৱন কৰি ৭১ বছৰীয়া এগৰাকী কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগী ৪৮ ঘণ্টাৰ ভিতৰত সুস্থ হৈ উঠিছে। চিকিৎসকে লগতে উল্লেখ কৰিছে যে, এই নতুন ঔষধ নিৰ্মাণ কৰা হৈছে, অণ্টি–ফ্লু  ড্ৰাগ ‘Oseltamivir’ক ‘Lopinavir’ আৰু ‘Ritonavir’ ৰ সৈতে একেলগ কৰি। উল্লেখযোগ্য যে, ‘Lopinavir’ আৰু ‘Ritonavir’ HIVৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়।
Previous Post Next Post