{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

গুজৰাটত কোৰোনাত আক্ৰান্তৰ সন্দেহত ৯ নগা যুৱতীক বলপূৰ্বক আছুতীয়া কক্ষত আৱদ্ধ কৰাকলৈ নগালেণ্ডত প্ৰতিক্ৰিয়া…


কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে গুজৰাটৰ আহমেদাবাদত শনিবাৰে নগালেণ্ডৰ ৯ গৰাকী যুৱতীক চীনা নাগৰিক আৰু তেওঁলোক কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত আছুতীয়া কক্ষত আবদ্ধ কৰি স্বাস্থ্য পৰীক্ষাৰ নামত ১৪ দিনৰ বাবে কোৱাৰেনটাইন কৰা কাৰ্যত নগালেণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।


জানিব পৰা মতে, নগালেণ্ডৰ যুৱতী কেইগৰাকী বিগত পাঁচ বছৰৰ ধৰি গুজৰাটতত এটা আন্তঃৰাষ্ট্ৰীয় ডেন্টেল বীমা কোম্পানীত কৰ্মৰত হৈ আছিল। নাগালেণ্ডৰ কেথী নামৰ যুৱতী গৰাকীয়ে ফেচবুক লাইভৰ জৰিয়তে জানিবলৈ দিয়া মতে গুজৰাটৰ স্বাস্থ্যকৰ্মী আৰু আৰক্ষীয়ে তেওঁক আৰু অন্য ৯গৰাকীৰ বান্ধৱীক চীনা নাগৰিক বুলি ভাবি আৰু তেওঁলোক কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি ২৪ ঘণ্টা ধৰি আছুতীয়া কক্ষত আবদ্ধ কৰি ৰাখে।

আহেমেদাবাদ স্বাস্থ্য কেন্দ্ৰত ইতিমধ্যে কৰা পৰীক্ষাত তেওঁলোক কভিদ ১৯ নেগেটি বুলি প্ৰমাণিত হোৱাৰ পিছতো চিকিৎসকসলে যুৱতী কেইগৰাকী ঘৰলৈ যাবলৈ নিদি এটা আছুতীয়া কোঠাত বলপূৰ্বক ১৪ দিনৰ বাবে কুইনাটেইন কৰি ৰাখিব বিচাৰে। অসহায় নগা যুৱতীসকলে চিকিৎসা কৰ্মীসকলৰ এই কাৰ্য প্ৰতিবাদ কৰি ফেচবুক লাইভৰ জৰিয়তে নাগালেণ্ড চৰকাৰক উদ্ধাৰ কৰিবলৈ আহ্বান জনায়।


নগালেণ্ড চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ লগে আই পি এছ বিষয়া ৱাপাং জমিৰক প্ৰেৰণ কৰে । দেওবাৰে ততাতৈয়াকৈ আই পি এছ বিষয়া জমিৰে আহেমেদাবাদ উপ-পৌৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক লগত লৈ কুৱাৰটেইন কেন্দ্ৰ পৰা উদ্ধাৰ কৰি নিজৰ থকা ঠাইলৈ লৈ যায়।

উল্লেখযোগ্য যে, পিছত আহমেদাবাদ স্বাস্থ্য বিভাগে এই ভুল বুজাবুজিৰ বাবে ক্ষমা খোজে। ইফালে, নগালেণ্ড চৰকাৰে সোমবাৰে ৰাজ্যখনত লক ডাউন কৰা হৈছে। ব্যাপক সতৰ্কতা হিচাপে দোকান বজাৰ, যান-বাহন বন্ধ থাকিব। নগালেণ্ড ইতিমধ্যে ২১ হাজাৰ লোকক স্কিনিং কৰা হৈছে। ইয়াৰে ১৪৮ গৰাকী চিকিৎসকৰ পৰ্যবেক্ষণ ৰখা হৈছে।
Previous Post Next Post