{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

ক’ৰ’না ভাইৰাছৰ সম্পৰ্কত অনলাইনত বিয়পি ফুৰা অপপ্ৰচাৰ তথা উৰা বাতৰি সমূহ...

Be alert some evil natured men spreads False proopaganda about Coronavirus outbreak

সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছৰ সম্পৰ্কে অনলাইনত বিভিন্ন ধৰণৰ অপ্ৰচাৰ তথা উৰা বাতৰি চলি থকা দেখা গৈছে।

এনে ধৰণৰ অপ্ৰচাৰে জনসাধাৰণক অধিক ভীতিগ্ৰস্ত কৰাৰ লগতে আংতকৰো সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
আজি আমি এনেধৰণৰ ১০ টা অপ্ৰচাৰ তথা উৰা বাতৰিৰ সম্পৰ্কে আপোনালোকক অৱগত কৰাব খুজিছো।

১. ক’ৰ’না প্ৰতিৰোধ বিশেষ মাস্ক তৈয়াৰ

বিশ্বব্যাপী ক’ৰ’না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে এই উৰা বাতৰি অনলাইনযোগে বিয়পোৱা হৈছে যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশেষ মাস্ক তৈয়াৰ কৰা হৈছে। কিন্তু বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই কৈছে যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কোনো বিশেষ মাস্ক তৈয়াৰ কৰা হোৱা নাই।

২. N95ৰ মাস্কৰ সম্পৰ্কেও উৰা বাতৰি

N95 চাৰ্জিকেল মাস্কৰ সম্পৰ্কেও চ’ছিয়েল মিডিয়া তথা অনলাইনত উৰা বাতৰি তথা ভুৱা প্ৰচাৰ চলি আছে। প্ৰকৃততে চাৰ্জিকেল মাস্কে ক’ৰ’না প্ৰতিৰোধৰ বাবে সুৰক্ষিত বুলি বিশ্ব স্বাস্থ্য সংস্থা(WHO) বা চিকিৎসকে কেতিয়াও কোৱা নাই। ব্যৱসায়িক স্বাৰ্থত এইবোৰ ভুৱা প্ৰচাৰ কৰা হৈছে।
৩. ঔষধ উদ্ভাৱন

এতিয়ালৈকে ক’ৰ’নাৰ কোনো প্ৰতিষেধক উলোৱা নাই। বিভিন্ন অনলাইন চাইটবোৰত ক’ৰ’না প্ৰতিষেধক ঔষধ ওলোৱা বুলিও প্ৰচাৰ চলোৱা দেখা গৈছে। নিজৰ ব্যৱসায়িক স্বাৰ্থৰ বাবে এচামে এই পন্থা হাতত লোৱা দেখা গৈছে।

৪. অনলাইল চাইটত অপপ্ৰচাৰ

কোনো অনিয়মিত তথা অপৰিচিত অনলাইন চাইটত ক’ৰ’না ভাইৰাছ সম্পৰ্কে অপ্ৰচাৰ চলোৱা দেখা গৈছে। গতিকে এইবোৰ এৰাই চলক আৰু বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই আগবঢ়োৱা স্বাস্থ্য বিধি-বিধাম মানি চলক।

৫. কিট প্ৰস্তুত

এই মাৰাত্মক ভাইৰাছবিধক নিৰ্মূল কৰিবলৈ কোনো কিট প্ৰস্তুত কৰা হোৱা নাই। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ চিকিৎসা বিজ্ঞানীসকলে ইয়াৰ প্ৰতিষেধক তৈয়াৰৰ বাবে অহৰহ চেষ্টা চলাই আছে যদিও এতিয়াও সফল হ’ব পৰা নাই। এই ভাইৰাছ নিৰ্মূলৰ বাবে কিট ওলোৱাৰ কিছুমান বিজ্ঞাপন প্ৰচাৰ হোৱা দেখা গৈছে। এনে অপ্ৰচাৰত ভুল নাযাব।

৬. ছ’চিয়েল মিডিয়াৰ অপপ্ৰচাৰ

চ’ছিয়েল মিডিয়াত ক’ৰ’না ভাইৰাছ সম্পৰ্কত বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ চলা দেখা গৈছে। হোৱাটছএপ, টিকটক ফেইচবুক আদিৰ মাধ্যমত ভিডিঅ’ যোগে এই অপপ্ৰচাৰ চলিব লাগিছে। এনে ধৰণৰ অপপ্ৰচাৰত নিজকে উতুৱাই নিদিব।

৭. ভিডিঅ’ যোগে অপপ্ৰচাৰ

চিকিৎসকৰ বাহিৰে আন কোনো লোকৰ পৰাই এই সম্পৰ্কত পৰামৰ্শ নল’ব। মানুহৰ মাজত আতংকৰ সৃষ্টি হোৱাৰ সুযোগ লৈ বহু দুষ্ট চক্ৰই অনলাইনৰ যোগেদি মানুহক পৰামৰ্শ দিয়াৰ নামত ধন লুটাৰ ফন্দি পাতিছে। বিশেষকৈ কিছুমান ইউটিঊবাৰ্ছে এই ধৰণৰ অপপ্ৰচাৰ চলোৱা দেখা গৈছে।
৮. অনলাইন পৰামৰ্শ

ক’ৰ’না ভাইৰাছ সম্পৰ্কত কোনো ধৰণৰ অনলাইন পৰামৰ্শ গ্ৰহণ নকৰিব। অনলাইন পৰামৰ্শদাতাও অনলাইন বহু উপলব্ধ হৈছে। টেকনিকেলি স্মাৰ্ট লোকে অনলাইনযোগে পৰামৰ্শ দানৰ নামত আপোনাক বিপদ পেলাব পাৰে। বিশেষকৈ পৰামৰ্শৰ দিয়াৰ নামত অনলাইনযোগে ধন লুটিব পাৰে।

৯. উৎসহীন তথা তথ্যহীন প্ৰতিবেদন আদি

তথ্যৰ উৎস নিশ্চিত নোহোৱা ক’ৰ’না ভাইৰাছ সম্পৰ্কীয় কোনোধৰণৰ অনলাইন ভিডিঅ’, আৰ্টিকল তথা প্ৰতিবেদন শ্বেয়াৰ নকৰিব। অপপ্ৰচাৰেৰে নিজৰ চাব্ক্ৰাইবাৰ বৃদ্ধিৰ বাবে কিছুমান অনলাইন চাইটে তথ্য তথা ভিত্তিহীন ভিডিঅ’, আৰ্টিকল তথা প্ৰতিবেদন প্ৰচাৰ কৰা দেখা গৈছে।

১০. চাইবাৰ ক্ৰিমিনেল

ক’ৰ’না ভাইৰাছে বিশ্বজৰি আতংকৰ সৃষ্টিৰ কৰাৰ সুযোগ লৈ বহু দুষ্ট চক্ৰ তথা চাইবাৰ ক্ৰিমিনেলে মানুহক বিভ্ৰান্ত কৰি নিজৰ অভীষ্ট সিদ্ধি কৰিবলৈ জাল পেলাইছে। WHO অথবা কোনোবা আন্তজাৰ্তিক সংস্থাৰ নামত আপোনাৰ সৈতে ইমেইল যোগে ভুৱা মেইল প্ৰেৰণ কৰি যোগাযোগ কৰিব পাৰে।

গতিকে এনেধৰণৰ বিপদৰ পৰা হাত সাৰিবলৈ নিজে অতি সজাগ হওক আৰু আতংকিত তথা ভীতিগ্ৰস্ত হৈ নিজৰ বিবেকক অস্থিৰ নকৰিব।
Previous Post Next Post