অসমত কোৰোনা ভাইৰাছত আক্ৰান্ত প্রথমজন ৰোগী চিনাক্ত, এটি ৪ বছৰীয়া শিশুৰ দেহত…

corona-1st-case-in-assam

  • কোৰোনা ভাইৰাছত আক্ৰান্ত অসমৰ প্রথমজন ৰোগী চিনাক্ত।
  • এটি ৪ বছৰীয়া শিশুৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • যোৰহাট মেডিকেল কলেজ হাস্পতালত এই ৰোগীজনক পৰীক্ষা কৰা হৈছিল।
  • সেই পৰীক্ষাৰ ফলাফলত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।
  • ইতিমধ্যে শিশুটিৰ কোৰোনা ভাইৰাছৰ পৰীক্ষা পুনৰ কৰিবলৈ লাহোৱালৰ আই চি এম আৰলৈ প্ৰেৰণ কৰা হৈছে।
  • যোৰহাট জিলাৰ উচ্চস্তৰীয় চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে এই তথ্য।
  • দেওবাৰে আবেলি পোৱা যাব আই চি এম আৰৰ দ্বিতীয় পৰীক্ষাৰ ফলাফল।
  • এই শিশুটিৰ ঘৰ যোৰহাটৰ পুলিবৰত।
  • বিহাৰলৈ গৈছিল পৰিয়ালৰ সৈতে শিশুটি।
  • ভগ্নী আৰু মাতৃৰ সৈতে ১৯ মাৰ্চত ৰেলযোগে অসমলৈ ঘূৰি আহিছিল শিশুটি।
  • যোৰহাট মেডিকেল কলেজৰ চিকিৎসকৰ দৰে ২০ মাৰ্চত তেওঁলোকৰ ঘৰলৈ গৈ পৰিয়ালটোক লৈ আহিছিল হাস্পতালখনলৈ।
  • শিশুটিৰ ভগ্নীৰ দেহতো অনুৰূপ কোৰোনাত আক্ৰান্ত উপসৰ্গই দেখা দিছে।
  • এই পৰিয়ালটোক লৈ আনিবলৈ যোৱা চিকিৎসা কৰ্মীসকলকো পৃথক কৰি পৰ্যবেক্ষণৰ ব্যৱস্থা কৰাহৈছে।
  • ইতিমধ্যে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ আইছ’লেশ্যন ৱাৰ্ডত পৃথককৈ ৰখা হৈছে পৰিয়ালটোক।
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download