কোৰোনাৰ পাছত এইবাৰ আহি আছে ‘হান্তা’! কিমান সঁচা, কিমান মিছা…
March 24, 2020
Add Comment
কোৰোনা ভাইৰাছৰ ব্যৱহাৰযোগ্য প্ৰতিষেধক বৰ্তমানলৈ আৱিষ্কাৰ কৰা হোৱা নাই। সমগ্ৰ বিশ্বতে লাখ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে হাজাৰ হাজোৰ লোকে প্ৰাণ হেৰুৱাইছে এই ভাইৰাছৰ ফলত। চীনৰ ৱুহান চহৰত আৰম্ভ হোৱা এই ভাইৰাছ বৰ্তমান সমগ্ৰ বিশ্বতেই বিয়পি পৰিছে। যাৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। তাৰ মাজতে আন এক ভাইৰাছত আক্ৰান্ত হৈ চীনত প্ৰাণ হেৰুৱালে এজন লোকে।
চীনৰ য়ুনান প্ৰন্তত এজন ব্যক্তিৰ ‘হান্তা ভাইৰাছ’ত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে লোকজনে। চীনৰ বাতৰি কাকত গ্ল’বেল টাইমছৰ খবৰ অনুসৰি, ব্যক্তিজনে সোমবাৰে বাছেৰে শ্বাডঙলৈ গৈ আছিল। বাছত গৈ থকা এই ব্যক্তিজনৰ দেহত হান্তা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। লগতে বাছখনত যাত্ৰা কৰা আন ৩২জন যাত্ৰীৰো স্বাস্থ্য পৰীক্ষা কৰা হয়।
সংবাদমাধ্যমত প্ৰকাশৰ পাছতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই খবৰ। বহু লোকে কোৰোনা ভাইৰাছৰ দৰেই হান্তা ভাইৰাছৰ ফলতো মহামাৰীৰ সৃষ্টি হ’ব নেকি বুলি শংকিত হৈ পৰিছে। ইফালে, বিশেষজ্ঞসকলৰ মতে, কোৰোনা ভাইৰাছৰ সমান ঘাতক নহয় হান্তা ভাইৰাছ। কোৰোনাৰ দৰেই এই ভাইৰাছ বতাহৰ দ্বাৰা বিয়পি নপৰে।
লগতে বিশেষজ্ঞই জনাই যে, নিগনিৰ দ্বাৰাহে কোনো মানুহৰ দেহত এই ভাইৰাছ বিয়পিব পাৰে। ছেন্টাৰ ফৰ ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেশ্যনৰ মতে, নিগনি যদি ঘৰৰ ভিতৰত বাস কৰে তেন্তে এই ভাইৰাছত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। আৰু হান্তা ভাইৰাছ কেৱল বৃদ্ধ বা শিশুকেই নহয় যুৱক-যুৱতীকো সংক্ৰমিত কৰিব পাৰে। চীনৰ সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াত এই খবৰ বিয়পি পৰিছে যদিও , হান্তা ভাইৰাছৰ সন্দৰ্ভত সবিশেষ তথ্য বৰ্তমানলৈ লাভ কৰা হোৱা নাই।
0 Response to "কোৰোনাৰ পাছত এইবাৰ আহি আছে ‘হান্তা’! কিমান সঁচা, কিমান মিছা…"
Post a Comment