বঙাইগাঁৱত লুৰিণ জ্যোতি গগৈৰ বিশাল পদযাত্ৰা ৷ কিন্তু কিয় ?


নিৰ্বাচনী প্ৰচাৰ কাৰ্য অন্ত পৰাৰ কেই ঘন্টামান পূৰ্বে বঙাইগাঁৱত অসম জাতীয় পৰিষদৰ বিশাল পদযাত্ৰা ৷ বঙাইগাঁৱত অগপৰ দূৰ্গত কপনি তুলি অজাপৰ প্ৰাৰ্থী দীপু চৌধুৰীৰ সমৰ্থনত হাজাৰ হাজাৰ লোকে সমদলত অংশগ্ৰহণ কৰে ৷ অজাপৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ নেতৃত্বত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি পৰিবৰ্তনৰ স্বাৰ্থত ধ্বনি দিয়ে৷


উল্লেখ্য যে বঙাইগাঁৱৰ পৰা বিগত সাতবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে  ফণীভূষণ চৌধুৰী ৷ কিন্তু এইবাৰ ফণীভূষণৰ একালৰ ঘনিষ্ঠ দীপু চৌধুৰীয়ে অজাপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ ইতিমধ্যে দীপু চৌধুৰীয়ে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ দূৰ্গত খহনীয়াৰ সৃষ্টি কৰিব বুলিও আত্মবিশ্বাসী৷ অজাপৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে ৰাইজক পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদানৰ বাবে আহ্বান জনায় ৷
Next Post Previous Post
Whatsapp Group Join Now
Telegram Channel Join Now
Whatsapp Group Join Now
Android App Download