Telegram Channel:Join Now
Whatsapp Update:Join Now

ভাৰতীয় ক্ৰিকেটাৰক মাৰিবলৈ বেট লৈ আহিছিল বাংলাদেশৰ খেলুৱৈয়ে! চাওক Video


ক্ৰিকেট ভদ্ৰলোকৰ খেল বুলি কোৱা হয়। কিন্তু ভদ্ৰলোকৰ খেলত অভৱ্য আচৰণ দেখুৱালে বাংলাদেশৰ খেলুৱৈয়ে। ১৯ বছৰ অনূৰ্ধ্বৰ ক্ৰিকেট বিশ্বকাপত ভাৰক পৰাজিত কৰি চেম্পিয়ন হয় বাংলাদেশ। তাৰ পিছতে বাংলাদেশ দলটোৰ খেলুৱৈসকলে যেন ভদ্ৰতাৰ সকলো সীমা অতিক্ৰম কৰিলে। ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈক অশ্ৰাব্য গালি–গালাজ কৰাৰ লগতে হতাহতিতো লিপ্ত হয় বাংলাদেশৰ খেলুৱৈ। আনকি বেট আৰু ষ্টাম্প লৈও বাংলাদেশৰ খেলুৱৈয়ে খেদি আহিল ভাৰতীয় খেলুৱৈক। কিন্তু খেলপথাৰত উপস্থিত থকা আম্পায়াৰে বাধা দিয়ে এই কাৰ্যত।

বাংলাদেশে জয়লাভ কৰাৰ লগে লগে সকলো খেলুৱৈয়ে খেলপথাৰলৈ দৌৰি গৈছিল। কিন্তু একাংশ খেলুৱৈয়ে ভাৰতীয় খেলুৱৈক উদ্দেশ্যি আপত্তিজনক মন্তব্য কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় খেলুৱৈয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত অধিক আক্ৰমণাত্মক হৈ উঠে বাংলাদেশৰ খেলুৱৈসকল। খেলপথাৰত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। আম্পায়াৰ আৰু কৰ্তৃপক্ষৰ হস্তক্ষেপতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।
পিছত বাংলাদেশৰ অধিনায়ক আকবৰ আলীয়ে নিজৰ খেলুৱৈসকলৰ এই কাণ্ডৰ বাবে ক্ষমা বিচাৰে। এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আই চি চিয়েও। খেলৰ অন্তত ভাৰতৰ অধিনায়ক প্ৰিয়ম গাৰ্গে কয় যে বাংলাদেশৰ খেলুৱৈৰ ব্যৱহাৰ আছিল অত্যন্ত বেয়া।

উল্লেখযোগ্য খেলখন আৰম্ভ হোৱাৰ পিছৰে পৰা দেখা গৈছিল দুয়ো দলৰ সংঘাত। খেলৰ দ্বিতীয় অভাৰতে তানজিম হাছান ছাকিবৰ থ্ৰ’ত দিব্যাংশ ছাক্সেনা আউট হোৱাৰ পৰা ৰক্ষা পৰে। অনুমান হয়, ছাকিবে জানি–বুজিয়ে চাক্সেনাৰ মূৰত আঘাত কৰিব বিচাৰিছিল। ইয়াৰ উপৰি ভাৰতীয় বেটছমেন আউট হ’লেই বাংলাদেশৰ খেলুৱৈয়ে কৰিছিল অভদ্ৰ আচৰণ।

বাংলাদেশৰ অধিনায়ক আকবৰ আলীয়ে নিজৰ খেলুৱৈসকলৰ এই আচৰণক লৈ কয় যে যি হ’ল এটা অতি দুৰ্ভাগ্যজনক। আমাৰ খেলুৱৈসকল অধিক উৎসাহিত হৈ পৰিছিল। খেলৰ পিছত যি হ’ল সেয়া দুৰ্ভাগ্যজনক। মই ভাৰতক ধন্যবাদ জনাইছো। এয়া আমাৰ বাবে এক সপোন পূৰণ হোৱাৰ দৰেই। বিগত দুবছৰ ধৰি আমি বহুত কষ্ট কৰিছো আৰু আজি তাৰ ফল পাইছো।
Previous Post Next Post