{{ date }}
{{ time }}
DIGITAL CLOCK BY TIMESASSAM.COM
Telegram Channel:Join Now
Whatsapp Update:Join Now

"বদৰুদ্দিন আজমল বাংলাদেশী, বাংলাদেশীসকলক এটা এটাকৈ খেদিম আমি" – কোন বিধায়কে কৰিলে এই মন্তব্য?

mp-badruddin-ajmal-is-a-bangladeshi-said-mla-nomal-momin-skd

সাংসদ বদৰুদ্দিন আজমলক বাংলাদেশী আখ্যা বিধায়ক ডাঃ নোমল মমিনৰ। মানকাচৰৰ দলংগিৰিত অনুসূচিত জনজাতিৰ গণজাগৰণ সভাত এই মন্তব্য কৰে বিধায়কজনে। বিধায়কজনে কয় – ‘মৌলানা বদৰুদ্দিন আজমল বাংলাদেশী, বিধায়ক মতিউৰ ৰহমান মণ্ডল বাংলাদেশী। সাংসদ–বিধায়কে মানকাচৰত বাংলাদেশী আনি ঠাই দি আছে। বাংলাদেশীসকলক এটা এটা কৰি খেদিম আমি।’

‘মানকাৰত বাংলাদেশী মুছলমানসকলে চুৰি–ডকাইতি কৰি টকা জমা কৰি মাটি কিনি কিনি জনগোষ্ঠী, জনজাতিসকলক সংখ্যালঘূ কৰিছে। সাংসদ আজমল আৰু বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলে মানকাচৰত বাংলাদেশীৰ সংখ্যা বঢ়াই আছে। ভাটিয়া মুছলমানক উৎখাত কৰাৰ বাবে মই ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচন খেলিম। ভাটিয়া মুছলমান আমাৰ শত্ৰু, দেশী মুছলমান আমাৰ বন্ধু।’ – মন্তব্য ডাঃ নোমল মমিনৰ

আনহাতে, এই সভাত অংশগ্ৰহণ কৰি অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে মানকাচৰৰ পৰা ভাটিয়া লোকক উৎখাত কৰাৰ দাবী জনায়। আৱালে কয় যে মানকাচৰত আগন্তক দিনত গাৰো, বড়ো, হাজং, দেশী (উজানী) লোকৰহে দপদপনি চলিব, ভাটিয়া মুছলমানসকলক উৎখাত কৰিব লাগিব।
Previous Post Next Post