দুষ্ট চক্ৰৰ ক’লা বজাৰ - জব্দ ২৫ লাখ মাস্ক…
March 24, 2020
Add Comment
দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা। মঙলবাৰৰ পুৱাৰ লৈকে ৫০০ ৰ ঘৰ পাৰ কৰিছে এই সংখ্যাই। এনেহাৰত বৃদ্ধি হ’লে মঙলবাৰে সন্ধিয়াভাগলৈ এই সংখ্যাই ৬০০ ৰ ঘৰ পাৰ কৰাটো স্বাভাৱিক। দেশত কোৰোনাই সবাতোকৈ ত্ৰাস সৃষ্টি কৰিছে মহাৰাষ্ট্ৰত। বৰ্তমান লৈকে ৰাজ্যখনত ৭০ গৰাকীৰো অধিক ব্যক্তি আক্ৰান্ত হৈছে ভাইৰাছবিধত।
ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰাজ্যখনত বৃদ্ধি পাইছে মাস্ক আৰু চেনিটাইজাৰৰ কলা ব্যৱসায়। শেহতীয়াকৈ খবৰ আহিছে, মহাৰাষ্ট্ৰ আৰক্ষীয়ে সোমবাৰৰ লৈকে প্ৰায় ২৫ লাখ মাস্ক জব্দ কৰিছে। ইফালে প্ৰশাসনক চৰকাৰে কঠোৰভাৱে নিৰ্দেশ প্ৰদান কৰিছে যে, এনে ক’লাা ব্যৱসায়ৰ সৈতে জড়িত সকলক অতি ক্ষীপ্ৰতাৰে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে।
0 Response to "দুষ্ট চক্ৰৰ ক’লা বজাৰ - জব্দ ২৫ লাখ মাস্ক…"
Post a Comment